সামৰণি পৰিল দৌলগোবিন্দৰ দৌল উৎসৱ

 03/24/2019 - 20:08

ডিজিটেল ডেস্কঃ হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ল তীৰ্থ নগৰী উত্তৰ গুৱাহাটীৰ দেৱালয়, মঠ-মন্দিৰ। ২০ মাৰ্চৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল দৌলগোবিন্দ মন্দিৰত দৌল উৎসৱ। নৈৰ পাৰত মেষ দাহ পৰ্বৰে আৰম্ভ হোৱা দৌল গোবিন্দ মন্দিৰৰ ফল্গুৎসৱ যেন পৰ্য্যবসিত হ'ল দ্বিতীয় বৈকুণ্ঠ ধামলৈ।

মহাপ্ৰভু গোবিন্দৰ আশিস প্ৰাপ্তিৰ বাবে মনৰ মলিনতা আঁতৰাই শুদ্ধ চিত্তে প্ৰভুৰ চৰণত সেৱা লৈ ধূপ-দীপ নৈবেদ্য আগবঢ়ায় ভক্তসকলে। প্ৰতিদিনে কেইবা হাজাৰো ভক্তই প্ৰভু দৰ্শন লাভ কৰে। ২১ মাৰ্চত মহা পূজা উপলক্ষে একেলগে কেইবা হাজাৰো ভক্তই ভিৰ কৰে। আৰক্ষী আৰু স্বেচ্ছাসেৱকসকলে অতি সুন্দৰভাৱে যান-জঁট নোহোৱাকৈ দৰ্শনাৰ্থীসকলক গোৱিন্দ দৰ্শন কৰাবলৈ সক্ষম হয়।

অৱশ্যে এইবাৰ ভটভটী সেৱা নথকাত ভক্তৰ আগমন পূৰ্বতকৈ কম হয়। ৫ দিনীয়া কাৰ্যসূচীৰে আয়োজিত দৌলগোবিন্দ মন্দিৰৰ এইবাৰৰ দৌল উৎসৱ আজি বৰ্ণাঢ্য শোভাযাত্ৰাৰে অন্ত পৰে। প্ৰতি সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে ভক্তসকলক ভক্তিৰস প্ৰদান কৰাৰ লগতে দিয়া হয় মনোৰঞ্জন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।