ৰহা: ৰহাত সংহাৰ সৃষ্টি কৰা বৰপানী নদীৰ বান কিছু থমকিছে যদিও বিপৰ্যয়ৰ মাজত বসবাস বন্যাতৰ। ৰহাৰ মাগুৰগাঁও, কমাৰগাঁও, আমতলা আদি পঞ্চায়তৰ একুৰিতকৈও অধিক গাঁও বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে বৰপানী নদীৰ প্ৰলয়ংকৰী বানত। পঞ্চায়তকেইটাৰ ৯০শতাংশ অঞ্চলেই এতিয়া পানীৰ তলত। চাৰিওফালে কেৱল পানী আৰু পানী। অধিকাংশ লোকৰে ঘৰ-দুৱাৰ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, বাট-পথ এতিয়া পানীৰ তলত।
চৌদিশে বানপানীৰ বিভীষিকা। অঞ্চলটো শ শ লোকে নিৰাপদ ঠাই তথা ওখ ভেটিত আশ্ৰয় লোৱাৰ লগতে বানাক্ৰান্ত অঞ্চলটোত কেইবাটাও আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে বহু লোকে পানীৰ মাজত নিজৰ ঘৰৰ ওখ ভেটিতে আশ্ৰয় লৈ আছে। নাও আৰু কলৰ ভুৰেই এতিয়া অঞ্চলটোত যোগাযোগৰ একমাত্ৰ মাধ্যম হৈ পৰিছ। মুঠতে ৰহাৰ এই বৃহত্তৰ অঞ্চলটোত দেখিবলৈ পোৱা গৈছে এক অবৰ্ণনীয় ছবি। কিন্তু তিনি চাৰি দিন হোৱাৰ পিচতো বন্যাতৰে সাহায্য নোপোৱাৰ অভিযোগ উঠিছে।
অৱশ্যে ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে মংগলবাৰে বিয়লিলৈকে নাৱেৰে অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ লয়। বিধায়কগৰাকীয়ে নাৱেৰে আশ্ৰয় শিবিৰসমূহলৈ গৈ বানাক্ৰান্তসকলৰ খবৰ লোৱাৰ লগতে শীঘ্ৰে সাহায্য প্ৰদানৰ আশ্বাস দিয়ে।