ৰঙিয়াত অব্যাহত বানৰ তাণ্ডব: বানত আক্ৰান্ত ৫,৪১২টা কৃষক পৰিয়াল

 07/17/2019 - 11:43

ৰঙিয়া: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়া মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত। শেহতীয়া তথ্য মতে ৰঙিয়া মহকুমাৰ ৯৭ খনকৈ গাঁৱৰ ২০০১.৬ হেক্টৰ কৃষিভূমি বৰ্তমানলৈকে বানৰ কবলত পৰিছে। আক্ৰান্ত হৈছে ৫,৪১২টা কৃষক পৰিয়াল। পূৰ্ণগতিত অব্যাহত আছে ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্ধাৰ আৰু সাহায্য অভিযান। ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ব্যাপক তৎপৰতাৰে মহকুমাটোৰ দণ্ডাধীশ আৰু প্ৰতিজন বিষয়া-কৰ্মচাৰীক এইসময়ছোৱাত সৰ্বোত্তম সেৱা প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। মহকুমাধিপতি বৰদলৈয়ে মঙলবাৰে বানাক্ৰান্ত এলেকাত উপস্থিত হৈ পীড়িতসকলৰ পৰিস্থিতিৰ বুজ লয়। ইফালে জলসম্পদ বিভাগৰ ৰঙিয়া মহকুমা সংমণ্ডলৰ শেহতীয়া তথ্য মতে মহকুমাটোৰ পুঠিমাৰী নৈ ৫৩.৬০ মিটাৰ, নোনা ৫৩.৮০ মিটাৰ আৰু বৰলীয়া নৈ ৫৩.১৫ মিটাৰ জলস্তৰেৰে বৈ আছে। আনহাতে মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ে সদৰি কৰা মতে এই মূহুৰ্তলৈ ৰঙিয়া মহকুমাৰ বানৰ কবলত পৰা ২০০১.৬ হেক্টৰ কৃষিভূমিৰ ভিতৰত শালি ধান সিচাঁ ৯৪.১ হেক্টৰ, কঠিয়া ৰোৱা ১৮৮১.৫ হেক্টৰ, শাক-পাচলি আৰু অন্যান্য কৃষিভূমি ২৬ হেক্টৰ।

সাম্প্ৰতিক বানৰ মহকুমাটোৰ নকুল কৃষি উন্নয়ন অঞ্চলৰ ২০ খন, লোচ কৃষি উন্নয়ন অঞ্চলৰ ৩০ খন, ৰঙিয়া কৃষি উন্নয়ন অঞ্চলৰ ১০খন, কমলপুৰ কৃষি উন্নয়ন অঞ্চলৰ ১০ খন, বেজেৰাৰ ৬ খন, বালিসত্ৰৰ ১৩ খন আৰু চাংসাৰিৰ ৮ খনকৈ গাঁৱৰ কৃষিভূমি বিনষ্ট হৈছে। এই গাঁওসমূহৰ ভিতৰত ৰঙিয়াৰ দদেতিয়া, নিতেনি, গোপালপুৰ, কুমটিবাৰী, চত্মা বাথান, হুৰমাবড়ী, লাৰমা গড়হাটী, বৰদঙ্গা বাটাকুচী, বৰহমপুৰ হাটবজালি, কমলপুৰৰ আঠগাঁও, বৰকাঁহ, সিংৰা, কুসুমপুৰ, ক্ষুদ্ৰচেচাঁ, গুইয়া, পালাৰা, মৈহাটী, সোণাপুৰ আৰু ধনুকা বেজেৰাৰ বাইহাটা, সাজেই, বৰপানাৰা, পানাৰা, কলমণি আৰু ধনখুন্দা, বালিসত্ৰৰ গৰমচাং আৰু ধুঁহি নং-১, চাংসাৰিৰ পিয়ঁলিখাটা, টুহুৰা, বৰমাৰৈ, মাৰৈ, চাৰিকট-১, চাৰিকট-২, বাৰেগাঁও আৰু মনিয়েৰি আদিকে ধৰি বহু গাঁৱৰ কৃষিভূমিৰ বিস্তৰ ক্ষতি হৈছে বুলি কৃষি বিভাগৰ তথ্যত প্ৰকাশ।

ইফালে বানাক্ৰান্তৰ মাজত নিত্য ব্যৱহাৰ্য ৰছদ-পাতি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান প্ৰক্ৰিয়া পূৰ্ণোদ্যমে অব্যাহত ৰাখিছে ৰঙিয়া মহকুমা প্ৰশাসনে। মঙলবাৰে মহকুমাধিপতিৰ নিৰ্দেশমৰ্মে বালাগাঁৱৰ পৰা ইউচুফ নগৰ, বৰলীয়াৰ পৰা নিতেনি, নোনাৰ পৰা ঘগাকে ধৰি গোপালপুৰ, চমুখা ঘাট, লৰমা গড়হাটী, হৰিণডব আদি বিভিন্ন স্থানত জিঅ' বেগ, আৰচিচি পাৰ্কুপাইন, পিচিচি শ্লেব, বস্তা আদিৰে মথাউৰিৰ মেৰামতি আৰু খহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টাত বহুদূৰ সফল হয় মহকুমা জলসম্পদ বিভাগ। বৰলীয়া নৈৰ দক্ষিণ প্ৰান্তৰ কঞাঁ ৰাজহ চক্ৰৰ অন্তৰ্গত গোপালপুৰত বৰলীয়াৰ মথাউৰিৰে পানী নিৰ্গমণৰ খবৰ পাই মহকুমাধিপতিয়ে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পিছত মহকুমাধিপতিৰ নিৰীক্ষণত বৰ্তমানেও অব্যাহত আছে প্ৰতিৰোধৰ কাম।

ইফালে বানাগ্ৰস্ত এলেকাত স্থাপন কৰা পশুধনৰ আশ্ৰয় শিবিৰে শিবিৰসমূহত গৰু-ছাগলী, ম'হ, গাহৰি আদি পোহনীয়া জীৱ-জন্তুৰ বাবে মহকুমাধিপতিৰ নিৰ্দেশত পশু পালন আৰু পশুচিকিৎসা বিভাগে বিশেষ তদাৰকী কৰি থকাৰ লগতে পশুখাদ্যৰ যোগান ধৰিছে প্ৰশাসনে। মহকুমা স্বাস্থ্য বিষয়া চফিকুল হকৰ নেতৃত্বত স্বাস্থ্য বিভাগে প্ৰদান কৰা বিনামূলীয়া ঔষধ-পাতি আৰু স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্য শিবিৰসমূহত ৰাইজৰ সঁহাৰি পৰিলক্ষিত হয়। ইতিমধ্যে মহকুমাধিপতিৰ নিৰ্দেশত কমলপুৰৰ আঠগাঁও, ৰঙিয়াৰ ঢলকুচিঁ আদি মেলেৰিয়া অধ্যুষিত বানপীড়িত এলেকাত ফগিঙেৰে ধোৱাঁ দিয়াৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। সহকাৰী আয়ুক্ত জয়ন্ত দাসক গাহৰি সংক্ৰমিত ৰোগে যাতে মহকুমাটোত নতুন আহুকালৰ সৃষ্টি কৰিব নোৱাৰে তাৰবাবে গাহৰি নিয়ন্ত্ৰণৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

সহকাৰী আয়ুক্ত কুমাৰ সুৰজিৎ বৰা, ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়া এমিলী বৰুৱা, কমলপুৰৰ ৰাজহ চক্ৰ বিষয়া ডা: বেদাংগ তালুকদাৰ, মহকুমা নিৰ্বাচন বিষয়া ৰিপণ জ্যোতি নাথ, কঞাঁৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া মনিকংকণা ভট্টাচাৰ্য্য, সহকাৰী আয়ুক্ত চম্পক ডেকা, অভিযন্তা মুকুল বৰা প্ৰমুখ্যে বিষয়াসকলৰ লগতে বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলে যুদ্ধকালীন তৎপৰতাৰে বৰ্তমান সাহায্য প্ৰদান আৰু মথাউৰি প্ৰতিৰোধৰ কামত নামি পৰা পৰিলক্ষিত হৈছে। মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে মহকুমাটোৰ প্ৰতিটো বিভাগক বান পৰিস্থিতিৰ ক্ষেত্ৰত গ্ৰহণ কৰা কাৰ্যক্ৰমণিকাৰ দৈনিক প্ৰতিবেদন অবগত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।