স্বগৃহ পালেহি হিমাচল প্ৰদেশত নিহত হোৱা সেনা জোৱানৰ নশ্বৰদেহ

 07/17/2019 - 12:01

কলিয়াবৰ: বিগত ১৪ জুলাইত হিমাচল প্ৰদেশত অট্টালিকা খহি মৃত্য হৈছিল ১৩ জনকৈ ভাৰতীয় সেনাৰ চতুৰ্থ অসম ৰেজিমেন্টৰ জোৱানৰ। ইয়াৰে ৯ জনেই আছিল উত্তৰ-পূৰ্বাঞ্চলৰ। নিহতৰ মাজত আছিল অসমৰ ৬জন, এজন মেঘালয় আৰু ২জন জোৱান ইম্ফলৰ আছিল। মঙলবাৰে ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানযোগে বৰঝাৰস্থিত বায়ুসেনাৰ শিবিৰলৈ লৈ অনা হয় নগাঁও জিলাৰ কলিয়াবৰ মিছা ভূঞা পট্টিৰ প্ৰদীপ চন্দ্ৰ ভূঞাৰ নিথৰ দেহ, লগতে ধুবুৰীৰ বিশ্বাৰসিং বসুমতাৰী আৰু শ্বিলঙৰ হেংখমাংগ গেংটেৰ নশ্বৰদেহ নিজ নিজ গৃহলৈ লৈ যায়।

আনহাতে নগাঁও জিলাৰ কলিয়াবৰ মিছা ভূঞা পট্টিৰ প্ৰদীপ চন্দ্ৰ ভূঞাৰ নিথৰ দেহ মঙলবাৰে নিশাই ৰাষ্ট্ৰীয় মৰ্যদাসহকাৰে সৎকাৰ কৰা হয়। উল্লেখযোগ্য যে নিহত চুবেদাৰ মেজৰ প্ৰদীপে ১৯৮৮ বৰ্ষত সেনাবাহিনীত যোগদান কৰিছিল। মৃত্যুৰ সময়ত পত্নী আৰু দুই কন্যা সন্তানক এৰি থৈ যায়। নিহত বীৰ ছহিদজনৰ নিথৰ দেহ নিজ বাসগৃহত আহি পোৱাৰ লগে লগে অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে লগতে মিছা ইণ্ডিয়ান আৰ্মীৰ লগতে মিছা আৰক্ষী চাৱনিৰ পৰা জোৱানসকলেও ছহিদজনক শেষ শ্ৰদ্ধা জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।