07/17/2019 - 13:07
in
যোগীঘোপা: বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীঘোপাত আজিও অপৰিবৰ্তিত বান পৰিস্থিতি। ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ জলস্তৰ ফেনে-ফোটোকাৰে ক্ৰমাৎ বৃদ্ধি পাই থকাত অঞ্চলটোৰ অৰ্ধশতাধিক গাঁও ইতিমধ্যে বানৰ কৱলত পৰিছে। যোগীঘোপাৰ পাচনীয়া-কাবাইটাৰী-মালেগড় সংযোগী গড়কাপ্তানী পথত এককাল পানী হোৱাত পথটোৰে সম্প্ৰতি যাতায়ত ব্যাহত হৈ পৰিছে।
১৯৮৮ চনৰ প্ৰলয়ংকাৰী বানপানীৰ পিছত প্ৰথমবাৰৰ বাবে পাচনীয়া গাঁওখনত বানপানী হোৱাত আতংকৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। প্ৰলয়ংকাৰী বানত অঞ্চলটোৰ বানাক্ৰান্ত একাংশ লোকে বিভিন্ন স্থান, পাহাৰৰ দাঁতিত অস্থায়ী শিবিৰত আশ্ৰয় লৈ আছি যদিও এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্তই।
বানাক্ৰান্ত লোকে বানত ককবকাই থকাৰ পিছতো মহকুমা প্ৰশাসনে বান সাহায্য দিয়াত ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।