২০ জুলাইত উৎক্ষেপণ কৰা হ'ব 'চন্দ্ৰযান-২'

 07/17/2019 - 13:56

ডিজিটেল ডেস্ক: অহা ২০ জুলাইৰ দুপৰীয়া ২.৫২ বজাত উৎক্ষেপণ কৰা হ'ব চন্দ্ৰৰ দক্ষিণ মেৰুমুখী 'চন্দ্ৰযান-২'। উল্লেখযোগ্য যে ১৫ জুলাইত 'চন্দ্ৰযান-২'ৰ উৎক্ষেপক ৰকেট 'জিএছএলভি-এমকে ৩'ৰ কাৰিকৰী বিজুতিৰ বাবে উৎক্ষেপণ স্থগিত কৰা হৈছিল। সেই বিজুতি ইতিমধ্যে মেৰামতি কৰিছে ইছৰ'ৰ বিজ্ঞানীসকলে।

এই অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দো উপস্থিত থাকিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।