বন্যাৰ্তৰ বুজ ল'লে জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাব উদ্দিন আহমেদে: সাহায্য প্ৰদান

 07/17/2019 - 14:50

ডিজিটেল ডেস্ক: ৰাজ্যত এতিয়া সৰ্বত্রে বান পৰিস্থিতিয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে। ৰাজ্যবাসীক এই ভয়াবহ পৰিস্থিতিৰপৰা উদ্ধাৰৰ বাবে উঠি-পৰি লাগিছে মন্ত্রী-বিধায়কসকল। যোৱা ১৩ তাৰিখৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাব উদ্দিন আহমেদে নিছিনপুৰ, ফলিমাৰী, অহিৰকাটা, সামাদোৰহাটা, জলেশ্বৰ,তাৰাংগাপুৰ, মুলকলা শালদৰা, কাঠুৰি আদি বিভিন্ন অঞ্চলৰ বানপানীৰ বুজ লয়।

বন্যাৰ্তৰ মাজত চিকিৎসা সেৱাৰ লগতে পেপাৰ, মেডিচিন, খাদ্য সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰে বিধায়কগৰাকীয়ে। লগতে জলেশ্বৰ সমষ্টিৰ এআইইউডিএফ দলৰ সকলো কৰ্মীক বানপানীত আবদ্ধ থকা মানুহক সহায় কৰাৰ বাবে নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।