বৰপেটাঃ ক্ৰমান্বয়ে বেয়া দিশৰ পিনে গতি কৰিছে বৰপেটাৰ বান পৰিস্থিতি। অস্বাভাৱিক ভাৱে বাঢ়ি আছে নৈ- উপনৈ সমূহৰ জলস্তৰ। সৃষ্টি হৈছে খাদ্য সংকটৰ। বৰপেটা জিলাৰ বন্যাৰ্তসকল এতিয়া আৱদ্ধ বিভিন্ন বান শিবিৰত। নাই বিশুদ্ধ খোৱা পানী নাই অনাময় ব্যৱস্থা। প্ৰশাসনৰো নাই কোনো সঁহাৰি। সেয়েহে বানাক্ৰান্ত ৰাইজক সকাহ দিবলৈ ওলাই আহিল বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা।
বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি সঁজাতি দলে সুন্দৰীদিয়া আৰু বৰপেটাৰ বানপীড়িত লোকসকল থকা শিবিৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা আৰু বিষয়ববীয়াই৷ বানপীড়িত লোকসকলে বহুত কষ্টৰে, বিশুদ্ধ খোৱা পানী, চৰকাৰী ৰেচন, চৰকাৰী দৰৱ ইত্যাদিৰ অভাৱত থকাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰ আৰু বৰপেটা প্ৰশাসনক শীঘ্ৰে খিলঞ্জীয়া লোকসকলক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই৷