ওদালগুৰি: ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তস্থিত ভৈৰৱকুণ্ডৰ ধনশিৰি নৈত সোমবাৰে বিয়লি সংঘটিত হৈছিল এক অঘটন। ভৈৰৱকুণ্ডৰ ধনশিৰি নদীত গা ধুবলৈ গৈ নদীৰ খৰস্ৰোতা সোঁতত উটি গৈছিল এগৰাকী কলেজীয়া শিক্ষাৰ্থী। ঘটনাৰ বিৱৰণ অনুসৰি ওদালগুৰিৰ পুষ্পনগৰৰ পিতৃ খনিন শৰ্মা আৰু মাতৃ পাৰুল শৰ্মাৰ একমাত্ৰ পুত্ৰ কৌশিক শৰ্মা (২১)ই আন চাৰিগৰাকী বন্ধু ক্ৰমে কুমুদ সোণোৱাল, নিতিশ কুমাৰ বড়ো, বিশাল সৰকাৰ আৰু সাগৰ আট্ৰিৰ সৈতে সোমবাৰে দিনৰ ১২ বজাত ভৈৰৱকুণ্ডলৈ ফুৰিবলৈ গৈছিল। ইয়াৰ পাছত কেউজন বন্ধুৱে ভৈৰৱকুণ্ডস্থিত ধনশিৰি নদীৰ পাৰত কিছুসময় বহি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি থকাৰ সময়তে বিয়লি প্ৰায় ২ বজাত কৌশিকে গা ধুবলৈ নদীৰ ওচৰলৈ নামি গৈছিল।
ফেনেফোটোকাৰে বাঢ়ি অহা নদীৰ ঢলে মূহুৰ্ততে কৌশিকক টানি নিয়ে। এই দৃশ্য প্ৰত্যক্ষ কৰি বন্ধু এজনে কৌশিকক বচাবলৈ চেষ্টা কৰে যদিও নদীৰ প্ৰৱল সোঁতে কৌশিকক বহুদূৰলৈ লৈ যায়। পাছত ঘটনা সন্দৰ্ভত বন্ধুকেইজনে ভৈৰৱকুণ্ড আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলী অৰুণাচল সীমান্তত সংঘটিত হোৱা হেতুকে অৰুণাচলৰ বালেমু আৰক্ষী আৰু ভৈৰৱকুণ্ড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ তদন্ত আৰম্ভ কৰে। কিন্তু পৰিতাপৰ বিষয় যে ওদালগুৰি জিলাত এনডিআৰএফ বা এছডিআৰএফৰ বাহিনী নথকা হেতুকে মঙ্গলদৈৰ এছডিআৰএফ বাহিনীক খবৰ দিয়াত ২৩ ঘণ্টা পাছতহে ঘটনাস্থলীত উপস্থিত হয় এছডিআৰএফৰ উদ্ধাৰকাৰী দল। কিন্তু ইয়াৰ পাছতো বিভিন্ন অজুহাতত উদ্ধাৰকাৰ্য চলাব পৰা নাযাব বুলি উদ্ধাৰকাৰী দলটোৱে জানিবলৈ দিয়ে। ইয়াৰ পাছত ঘটনাস্থলীত একাংশ গঞা আহি মাজবাট আৰক্ষী থানাৰ এটা স্থানত মৃতদেহ প্ৰত্যক্ষ কৰা বুলি আৰক্ষীক খবৰ দিয়ে। ভৈৰৱকুণ্ড আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মাজবাট আৰক্ষীক খবৰ কৰাত আৰক্ষীয়ে মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত লালপানী আৰক্ষী চকীৰ অন্তৰ্গত ঘটনাস্থলীৰ পৰা প্ৰায় ৮ কিল'মিটাৰ দূৰত ননৈ নৈৰ পাৰত এটি মৃতদেহ প্ৰত্যক্ষ কৰা বুলি জানিবলৈ দিয়ে।
পাছত ঘটনাস্থলীত মাজবাট আৰক্ষীৰ লগতে অৰুণাচলৰ বালেমু আৰক্ষী উপস্থিত হৈ প্ৰত্যক্ষ কৰে মৃতদেহটো। লগে লগে ঘটনাস্থলীত কৌশিকৰ পৰিয়ালৰ লোক উপস্থিত হৈ মৃতদেহটো কৌশিকৰ বুলি চিনাক্ত কৰিছে। পাছত দুয়োখন থানাৰ আৰক্ষীৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত অৰুণাচলৰ বালেমু আৰক্ষী থানাত কৌশিকৰ পৰিয়ালে এক গোচৰ দিয়াৰ কথা জানিব পৰা গৈছে। আৰক্ষীয়ে কৌশিকৰ বন্ধু কেইগৰাকীক ঘটনা সন্দৰ্ভত সোধাপোচা অব্যাহত ৰাখিছে। গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ তৃতীয় ষান্মাষিকত অধ্যয়ণৰত শিক্ষাৰ্থীগৰাকীৰ অকাল মৃত্যুত সমগ্ৰ ওদালগুৰিতে শোকৰ ছাঁ পৰে।
ইফালে দুৰ্যোগ প্ৰশমন বিভাগৰ সক্ৰিয়তাকলৈও উত্থাপিত হৈছে প্ৰশ্ন। যিসময়ত ৰাজ্যৰ বিয়াগোম দুৰ্যোগ প্ৰশমন বিভাগটোৱে বন্যাক্ৰান্তক তৎক্ষণাত উদ্ধাৰ কৰাৰ আশ্বাস প্ৰদান কৰিছে। তেনে সময়তে এগৰাকী কলেজীয়া শিক্ষাৰ্থী নদীত উটি যোৱাৰ ২৩ ঘণ্টা পাছতো উদ্ধাৰকাৰী দল উপস্থিত নোহোৱাত বিভাগটোৰ ফোপোলাস্বৰূপ পোহৰলৈ আহিছে।