বিদ্যা ভাৰতীৰ আচাৰ্য প্ৰশিক্ষণ বৰ্গৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ বাবে দৌল গোবিন্দ দৰ্শন

 07/17/2019 - 15:29

উত্তৰ গুৱাহাটী: গুৱাহাটীৰ নাৰেঙ্গীত শিশু শিক্ষাসমিতি অসমৰ দ্বাৰা আয়োজিত আচাৰ্য প্ৰশিক্ষণ বৰ্গত ভাগ লোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ১৬৩ গৰাকী আচাৰ্য-আচাৰ্যাই আজি ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ বাবে উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ দৰ্শন কৰে। প্ৰভূৰ আশীষ প্ৰাপ্তিৰ বাবে মন্দিৰত প্ৰাৰ্থনা জনায় আৰু ভোগগ্ৰহণ কৰে।

বিদ্যা ভাৰতীৰ প্ৰশিক্ষণত ভাগ লোৱা নাৰেংগীৰ শিক্ষাৰ্থী আচাৰ্য-আচাৰ্যাসকলে ইয়াৰ পাছতে আইআইটি দৰ্শন কৰে। শেষত দদৰা নিকেতন উপস্থিত হৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। দলটোক নেতৃত্ব দিয়ে নগাঁও বিভাগৰ বিভাগ নিৰীক্ষক পৰাণ বৰা আৰু গুৱাহাটী বিভাগৰ নিৰীক্ষক আশুতোষ বৰ্মনে। দলটোক উত্তৰ গুৱাহাটীত স্বাগতম জনায় উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।