মোৰাঝাৰত কৃষি ঋণৰ নামত সংঘটিত কোটিটকীয়া কেলেংকাৰী

 07/17/2019 - 16:31

হোজাই: হোজাই জিলাৰ মোৰাঝাৰত কৃষি ঋণৰ নামত সংঘটিত হৈছিল কোটিটকীয়া কেলেংকাৰী। সংবাদ মাধ্যমত ফাদিল হৈছিল কেলেংকাৰীৰ বিতং তথ্য। গ্ৰাহক ৰাইজে বেংকত সংঘটিত দুৰ্নীতিৰ চি বি আই পৰ্যায়ৰ তদন্ত কৰি বাকী কেলেংকাৰীত জড়িত লোকসকলক আইনী শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছিল। তাৰ পাছতে তৎপৰ হৈ পৰিছে মোৰাঝাৰ আৰক্ষী। এজন লোকক জেললৈ প্ৰেৰণ কৰাৰ পাছত মঙলবাৰে মোৰাঝাৰৰ আমবাৰীৰ পৰা আন এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কোটিটকীয়া কেলেংকাৰীৰ ম'ষ্ট ৱাণ্টেট প্ৰদীপ নমশুদ্ৰক গ্ৰেপ্তাৰ হয়।

উল্লেখযোগ্য যে এওঁ কেণ্টিন বয় আছিল। দৰমহা আছিল ১২০০ টকা। কিন্তু এতিয়া কোটি টকাৰ মালিক তেওঁ৷ জানিব পৰা মতে পত্নীৰ নামত বেংকৰ চি এচ পিলৈ, শাহুৰেকৰ নামত বেংক একাউণ্ট খুলি সেই একাউণ্টত কোটি কোটি কৃষি ঋণৰ টকা জালিয়াতিৰে আবণ্টন লৈ ধন আত্মসাৎ কৰিছিল প্রদীপে। বিভিন্ন ঠাইত কিনিছিল বিঘাই বিঘাই মাটি, এক দৰত ক্ৰয় কৰিছিল মাটি। সকলোতকৈ আচৰিত কথাটো হ'ল বিগত পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্য জিকি আমবাৰী পঞ্চায়তৰ উপ সভাপতি নিৰ্বাচিত হ'বলৈ ৭ জন সদস্যৰ সমৰ্থন লাভ কৰিবলৈ একো একোখনকৈ পালচাৰ বাইক কিনি দিছিল, এই খবৰে সমগ্ৰ অঞ্চলটোত চঞ্চল‍্যৰ সৃষ্টি হৈছিল ।

ইতিমধ্যে কেবাজনো বেংক বিষয়াক নিলম্বনো কৰা হৈছিল। ইতিমধ্যে কোটিটকীয়া কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড শিবিৰ আহমেদক জেললৈ প্ৰেৰণ কৰা হৈছে। ইমানতেই তদন্ত শেষ হোৱা বুলি সন্দেহ উপজিছিল ৰাইজৰ। কিন্ত পুনৰ তদন্ত খৰতকীয়া হোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। আজি মষ্ট ৱাণ্টেট প্ৰদীপ নমশুদ্ৰক আদালতত হাজিৰ কৰি পুনৰ আৰক্ষীৰ জিম্মাত আনিছে মোৰাঝাৰ আৰক্ষীয়ে। আৰু বহুকেইজন বেংক কেলেংকাৰীৰ লগত জড়িত লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।