কয়াকুছিত মহিলা গ্ৰাম্য সংগঠনৰ বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ

 07/17/2019 - 16:56

বৰপেটাঃ ৰাজ্যজুৰি বানাক্ৰান্তই হাহাকাৰৰ মাজত জীৱন যাপন কৰিলেও ঠাই বিশেষে চৰকাৰে খাদ্য সামগ্ৰী যেনে চাউল¸ নিমখ¸ দালি কিছু কিছু বিতৰণ কৰাৰ লগতে পশু খাদ্য আৰু তিৰপাল বিতৰণ কৰি দায়িত্ব সামৰাৰ পথত। কোনো কোনো ঠাইত টিউবৱেল বিতৰণ কৰিলেও প্ৰায় বিলাক অস্থায়ী কেম্পতেই পানী যোগান আৰু লেট্ৰিনৰ যোগান নধৰাৰ অভিযোগ পোৱা গৈছে। তেনেক্ষেত্ৰত আজি অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ তলতীয়া কয়াকুছিস্থিত পাকাবেতবাৰী খণ্ডৰ এলেকাধীন তিনিখন মহিলা গ্ৰাম্য সংগঠনে কৰিলে প্ৰশংসাৰ কাম। পাকাবেতবাৰীপামস্থিত ভিঅ’ তৰুলতা গ্ৰাম্য সংগঠন¸ মৰমজান গ্ৰাম্য সংগঠন আৰু ৰামধেনু গ্ৰাম্য সংগঠনৰ মহিলাসকলে একত্ৰিত হৈ পাকাবেতবাৰীপামত ভৱানীপুৰ-কয়াকুছি-বৰপেটাপথৰ কাষতে অস্থায়ী শিবিৰ পাতি থকা পৰিয়ালক সকাহ দিয়াৰ বাবে চিৰা-চেনী আৰু শিশুসকলৰ বাবে ব্ৰেড খাদ্য সামগ্ৰী আদি শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰে।

মহিলাসকলৰ উক্ত প্ৰশংসনীয় কামত অংশগ্ৰহণ কৰে ভিঅ’ৰ সভানেত্ৰী -সম্পাদিকা ক্ৰমে জহুৰা খাতুন ¸ মফিদা খাতুন¸ ৰেহেনা আহমেদ¸ ছকিনা আহমেদ¸ মাজেদা খাতুন¸ জাহানাৰা আহমেদ আৰু মমতাজ বেগমে। মহিলাসকলৰ মানৱতা দৰদী উক্ত কামত সহায়-সহযোগ কৰে শংকৰ আজান ছচাইটিৰ সম্পাদক আব্দুল জলিল¸ কেপিচি নিউজৰ কয়াকুছিৰ সাংবাদিক মো:তোতা মিঞা¸ দুৰ্নীতিৰ দৰ্পনৰ আব্দুল জলিল আৰু কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদে। মহিলা সকলৰ ছেল্ফ-হেল্ফ গোটৰ দ্বাৰা গঠিত মহিলা গ্ৰাম্য সংগঠনৰ এনে কামক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে। 

আনহাতে কয়াকুছিৰ স্বপ্না মহিলা সমিতিৰ উদ্যোগত আজি দুপৰীয়াৰ ভাগত কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় ¸ কয়াকুছি কুৰিহা প্ৰাথমিক বিদ্যালয় ¸ কুৰিহা প্ৰাথমিক বিদ্যালয় আৰু কয়াকুছি-কুৰিহা ছিনিয়ৰ মাদ্ৰাছাৰ অস্থায়ী শিবিৰত বানাক্ৰান্ত হৈ থকা লোকসকলক দুপৰীয়াৰ প্ৰস্তুত খাদ্য যোগান ধৰি প্ৰশংসাৰ কাম কৰে। খাদ্য বিতৰণৰ সময়ত স্বপ্নাৰ সচিব মমতাজ জাহান তালুকদাৰৰ লগত স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকাৰৰ সৈতে বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।