তিতাবৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত সতীর্থৰ আৰোগ্যৰ বাবে আছুৱে কৰিলে ঘোষা পাঠ

 07/17/2019 - 17:08

তিতাবৰঃ ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ। কেইবাজনো লোকৰ মৃত্যু হৈছে এই ৰোগত। বৰ্তমানেও বহুলোক আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে এই জাপানীজ এনকেফেলাইটিছ ৰোগত। বিগত কেইবাদিনো ধৰি এই ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে তিতাবৰ মহকুমা আঞ্চলিক ছাত্ৰ সন্থাৰ এজন সদস্য নিৰজ গগৈ।

সতীর্থৰ আশু আৰোগ্যৰ লগতে এই ৰোগত আক্রান্ত হৈ থকা সকলো লোকৰ আশু আৰোগ্য কামনা কৰি এই মাৰাত্মক ৰোগ বিধ নিৰাময় ক্ষেত্ৰত চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় আছুৱে। এই ৰোগৰ নিৰাময় বিচাৰি তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যলয়ত আছুৰ লগতে তিতাবৰৰ জ্যেষ্ঠ নাগৰিকে ভগৱন্তৰ ওচৰত কৰিলে বন্তি প্ৰজ্বলন আৰু ঘোষা পাঠ। এতিয়া প্ৰশ্ন হয়, চিকিৎসা বিজ্ঞানৰ ঔষধে নহয় একমাত্ৰ ভগৱানেহে কৰিব পাৰিব নেকি এই ৰোগৰ নিৰাময়? কিয় চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায় বিচাৰিব লগীয়া হৈছে এনকেফেলাইটিছৰ ৰোগৰ নিৰাময়!

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।