কলিয়াবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনো সংহাৰী বানৰ কবলত পৰাত জীৱকূল সমূহ জনাঞ্চল সমূহৰ লগতে ওখ ঠাইৰ সন্ধানত বিভিন্ন ঠাইলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে। সেইদৰে পহু, বনৰীয়া গাহৰি বৰ্তমান জনাঞ্চল সমূহত বিচৰণ কৰি থকা অৱস্থাত কলিয়াবৰৰ লখনাবন্ধা আৰু ধনেখোৱা গাঁৱত তিনিগৰাকী মহিলাসহ মুঠ বাৰজন লোকক বনৰীয়া গাহৰিয়ে আক্ৰমণ কৰে।
ফলত স্থানীয় ৰাইজে ততাতৈয়াকৈ লোককেইগৰাকীক জখলাবন্ধা চিকিৎসালয়ত ভৰ্ত্তি কৰে। ইয়াৰে গাহৰিৰ আক্ৰমণত ধনেখোৱাৰ আহত কেইগৰাকী ক্ৰমে পুৰণ চাহা, ধনঞ্জয় চাহা, পূৰ্ণিমা বিশ্বাস আৰু ৰজকিনী দাস। বাবুল দাস, অনন্ত হাজৰিকা, হৰময়ন্তী বিশ্বাস লক্ষণাবন্ধাৰ বাসিন্দা। ইয়াৰে পূৰ্ণিমা বিশ্বাসৰ লগতে গুৰুতৰভাৱে আহত মুঠ তিনি গৰাকী মহিলাক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে। সম্প্ৰতি আহত আন সকলোকে জখলাবন্ধা চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।