মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দক গ্ৰেপ্তাৰ

 07/17/2019 - 18:06

ডিজিটেল ডেস্কঃ মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড কুখ্যাত সন্ত্ৰাসবাদী হাফিজ ছৈয়দক লাহোৰৰ গঞ্জৰাৱালাত গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে হাফিজ ছৈয়দক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে ৰাষ্ট্ৰসংঘই। উল্লেখ্য যে আমেৰিকাইয়ো ১০ মিলিয়ন পুৰষ্কাৰ ঘোষণা কৰিছিল হাফিজৰ ওপৰত।

২০০৯ চনৰ সন্ত্ৰাসবাদীক ধন যোগান ধৰা এক গোচৰত পঞ্জাৱ পুলিচৰ চি টি ডি শাখাই গ্ৰেপ্তাৰ কৰিছে হাফিজক। বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে হাফিজক। পঞ্জাৱ পুলিচে হাফিজৰ সৈতে আন ১৩ গৰাকী নেতাৰ সৈতে ২৩ টা গোচৰ নিজাববীয়াকৈ ৰুজু কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.