কাকডোঙাত শিক্ষক-অভিভাৱকৰ মত বিনিময়

 07/17/2019 - 18:50

দেৰগাঁওঃ যি সময়ত ৰাজ্য শিক্ষা বিভাগৰ একাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলৰ পাঠদানৰ লগতে নিয়মিত ভাবে বিদ্যালয়ত উপস্থিত নথকাৰ বিৰুদ্ধে বিভিন্ন সময়ত অভাৱ-অভিযোগ উত্থাপিত হৈ আহিছে। ঠিক এনে সময়ত চৰকাৰী বিদ্যালয় সমূহ চৰকাৰে গৰম বন্ধৰ দিয়ে সেই সময়তে গোলাঘাট জিলা এখন বিদ্যালয়ে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে। গোলাঘাট জিলাৰ বৃহত্তৰ কাকডোঙা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-অভিভাৱক সন্মিলনীৰ উদ্যোগত ২০১৭ চনৰ পৰা প্ৰতি বছৰে বিদ্যালয়ৰ গৰম বন্ধৰ সময়ত বিদ্যালয় খনৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক নিদিষ্টকৈ ভাগ কৰি বিদ্যালয়খনৰ শিক্ষক সকলে ছাত্ৰ-ছাত্ৰী সকলৰ এলেকাৰ সুবিধা অনুসৰি চৰকাৰী বিদ্যালয়ত গৈ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকক লগ ধৰি শিক্ষক-অভিভাৱক সন্মিলনীৰ উদ্যোগত মত-বিনিময় সভা অনুষ্ঠিত কৰি আহিছে।

উক্ত বিদ্যালয়খনৰ যোৱা বহুকেইটা বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল গুণগত মানদণ্ড কিছু উন্নত হৈছে যদিও উত্তীৰ্ণতাৰ হাৰ সন্তোষজনক নহোৱা বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া ছাত্ৰ-ছাত্ৰী, শিক্ষাৰ্থীৰ অভিভাৱক সকল আৰু বিদ্যালয় অধ্যক্ষা লগতে শিক্ষক সকলৰ মাজত মুখামুখিকৈ মত-বিনিময় সভা অনুষ্ঠিত কৰি আহিছে। যাৰ দ্বাৰা শিক্ষাৰ্থী সকলে শিক্ষাৰ দিশত পোৱা বিভিন্ন অসুবিধা সমূহ বিষয়ে বুজ লোৱা হৈছে। এই বছৰটো শিক্ষক গোটক দুটা ভাগত বিভক্ত কৰি ৪২ গৰাকী ছাত্ৰ-ছাত্ৰী লগতে সকলোৱ অভিভাৱকৰ উপস্থিতিত কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়তে প্ৰথম পৰ্য্যায়ৰ মত-বিনিময় সভা অনুষ্ঠিত কৰা হয়।

শিক্ষক-অভিভাৱক সন্মিলনীত সভাপতি পুতুল শইকীয়া সভাপতিত্ব কৰাৰ লগতে উত্তৰ কাকডোঙা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক-অভিভাৱক সন্মিলনীৰ সম্পাদক তথা কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ধ্ৰুৱজ্যোতি শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰে। আনহাতে মত-বিনিময় সভাখন উদ্বোধন কৰে পূৰ্ণ শৰ্মাই, লগতে সভাত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়ন ক্ষেত্ৰত আগবাঢ়িব যাব বাবে বহুকেইটা গঠনমূলক পৰামৰ্শ জনাই ভাষণ প্ৰদান কৰে কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জ্যোতি হাজৰিকা, উপাধ্যক্ষ মতিউৰ ৰহমান, বিদ্যালয় পৰিচালনা সমিতি সভাপতি পুষ্পধৰ বৰা, উত্তৰ কাকডোঙা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তীৰ্থ কলিতা, ৰাজীৱ ভাগৱতী, লগতে যুৱ সাংবাদিক ৰুবুল শইকীয়াই ভাষণ প্ৰদান কৰা লগতে কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা পৰীক্ষাৰ্থীসকলে নিয়মীয়াকৈ অধ্যয়ন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম দহটা স্থানৰ ভিতৰত এটি স্থান দখল কৰি বিদ্যালয় লগতে কাকডোঙা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে ব্যক্তিগত ভাৱে নগদ দহ হাজাৰ টকা উপহাৰ প্ৰদান কৰিব বুলি ৰাজহুৱা ভাৱে ঘোষণা কৰে।

লগতে এই সভাত উপস্থিত থাকে কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নকুল বৰা ,প্ৰতাপ শৰ্মা বৰুৱা, প্ৰশান্ত শৰ্মা লগতে কাকডোঙা অঞ্চলৰ বহুকেইজন ব্যক্তি উপস্থিত থাকে। কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-অভিভাৱক সন্মিলনী আৰু বিদ্যালয় খনৰ শিক্ষক সকলৰ এনে পদক্ষেপক ৰাইজে আদৰণি জনোৱা লগতে এনে অনুষ্ঠানৰ জৰিয়তে শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত থকা সম্পৰ্কৰ আৰু অধিক শক্তিশালী কৰি সক্ষম হ'ব বুলি কাকডোঙা সচেতন মহলাই জানিব দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।