দুধনৈত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল কোটি টকাতকৈও অধিক সা-সম্পত্তি

 03/25/2019 - 12:52

দুধনৈঃ দুধনৈত সোমবাৰে পুৱাই সূত্ৰপাত হয় বিধ্বংসী অগ্নিকাণ্ডৰ৷ দামৰা ৰোডত থকা জোটা চেণ্ডেলৰ গুদাম এটাৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে৷ অগ্নিৰ লেলিহান শিখাই কম সময়তে আগুৰি ধৰে সমগ্ৰ অঞ্চল।

ইতিমধ্যে জুইত জাহ গৈছে জোটাৰ গুদাম, এখন ঔষধৰ পাইকাৰী দোকানৰ লগতে আন বহু সামগ্ৰী। এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে ৫খন কৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে বহু কষ্টৰ অন্তত হে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

কোটি টকাতকৈও অধিক সা-সম্পত্তি নষ্ট হৈছে এই অগ্নিকাণ্ডত৷ অৱশ্যে ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।