২৬ জুলাইত পুতলা নাট 'প্রায়শ্চিত্ত’

 07/17/2019 - 19:34

ডিজিটেল ডেস্কঃ মহাত্মা গান্ধীৰ ১৫০ বৰ্ষ জন্মবাৰ্ষিকী চলি থকা সময়খিনিৰ লগত সংগতি ৰাখি অহা ২৬ জুলাই তাৰিখে গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া ৬ বজাত সুৰজিৎ একাডেমী আৰু মুকাক পাপেট থিয়েটাৰ সৌজন্যত বিনীতা দেৱীৰ পৰিচালনাত আৰু ৰচনাত মহাত্মা গান্ধীৰ শিশুকালৰ জীৱন চোৱাক লৈ পুতলা নাট 'প্রায়শ্চিত্ত’ মঞ্চস্থ কৰা হ’ব। উক্ত পুতলা নাটখন পৰ্ট ব্লেয়াৰত সংগীত নাটক অকাডেমিৰ আয়োজন কৰা মহাত্মা গান্ধীৰ ১৫০ বৰ্ষ জন্মবাৰ্ষিকীত পৰিবেশন কৰি প্ৰশংসা লাভ কৰিছিল। পুতলা নাটখন ভাৰত চৰকাৰৰ বহু কেইখন সাংস্কৃতিক কাৰ্যক্ৰমতো পৰিবেশিত হৈছে।

মহাত্মা গান্ধীৰ ১৫০ বৰ্ষ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি কৰা কায্যক্ৰম উদ্ধোধন কৰিব অসমৰ মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু সন্মানীয় অতিথি হিচাপে থাকিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ৰাজীৱ বৰুৱা, অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক বিষ্ণুকমল বৰা। পুতলা নাটখনৰ পুতলা সমূহ সঞ্চালন কৰিব হেমেন সেনাপতি, সীমান্ত শৰ্মা, ধ্ৰুৱ জ্যোতি কলিতা, হৃদয় জ্যোতি দাস, হাৰ্ডিক শৰ্মা, জিতেন বড়ো, গীতিমা দাস, বিনীতা দেৱী, অনিতা দেৱী। পুতলা নাট খনৰ চৰিত্ৰ সমূহৰ কণ্ঠস্বৰ হাৰ্ডিক শৰ্মা, স্বপন দাস, নিহাৰেন্দ্ৰ শৰ্মা, বিনীতা দেৱী। সংগীত পাপু গোহাঁই। পুতলা নাটখনৰ হিন্দী অনুবাদ নিহাৰেন্দ্ৰ শৰ্মাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।