বৰপেটাঃ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বৰপেটা জিলাৰ বাঢ়নী পানীৰ বাবে জনজীৱন যথেষ্ট বাধাগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। জিলাখনৰ মাজেৰে বৈ যোৱা বিভিন্ন নৈ উপনৈ সমুহৰ পানী দ্ৰুত গতিত বাঢ়ি থকাত নিতৌ ন ন অঞ্চল জলমগ্ন হৈ পৰিছে। জিলাখনৰ বিস্তিৰ্ণ অঞ্চল বানৰ কবলত পৰাত বনাক্ৰান্তৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
বৰপেটা সমষ্টিৰ অন্তৰ্গত প্ৰায় দহটা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তক আজি খাদ্য সামগ্ৰী বিতৰণ কৰে বিশিষ্ট সমাজকৰ্মী উত্তম ঘোষে৷ উত্তম ঘোষৰ নেতৃত্বত যোৱা এটি দলে আজি উত্তৰ বৰপেটা কলেজ, গৰেমাৰী, ধানবান্ধা, কলনী, সনকুছি গৰেমাৰী পথত থকা প্ৰায় দহটা আশ্ৰয় শিবিৰত থকা বন্যাৰ্তক চিৰা, চেনী, বিস্কুট, ব্ৰেড আদি খাদ্য সামগ্ৰী বিতৰণ কৰে। নিজৰ ধনেৰে সমাজকৰ্মী গৰাকীয়ে এই আশ্ৰয় শিবিৰবোৰত খাদ্য সামগ্ৰী বিতৰণ কৰে। ঘোষৰ নেতৃত্বত যোৱা দলটিয়ে বিভিন্ন অঞ্চল নাৱৰে পৰিদৰ্শন কৰি এই খাদ্য সামগ্ৰীবোৰ বিতৰণ কৰে।