07/17/2019 - 20:08
in
ৰঙিয়াঃ ৰঙিয়াত আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি। ৰঙিয়া চহৰৰ কেইবাটাও ঠাইত বৰলীয়া নদীৰ পানী সোমাই বহু পৰিয়ালৰ আলৈ আথনি কৰিছে। বিশেষকৈ শান্তিপুৰ অঞ্চলৰ নদীৰ পাৰত বাস কৰা ১৯ টাকৈ পৰিয়ালে যোৱাকালিৰ পৰা বি এড কলেজত আশ্ৰয় লৈ আছিল।
আজি মন্ত্ৰী ভৱেশ কলিতা শিবিৰটোত উপস্থিত হৈ ৰাইজৰ এই অৱস্থাৰ বুজ লয় লগতে পৰিয়ালকেইটাক নিজাববীয়াকৈ চাউল, দালি, মিঠাতেল, মহ খেদা সামগ্ৰী আদি যোগান ধৰে লগতে চৰকাৰৰ ফালৰ পৰা অতি শীঘ্ৰেই ৰিলিফ দিয়াৰ আশ্বাস দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীজন দ্বাৰকুছি অঞ্চললৈ গৈ বানাক্ৰান্ত ৰাইজৰ বুজ লয়।