07/17/2019 - 20:14
in
বালাপাৰাঃ ৰাজ্যৰ প্ৰলয়ংকাৰী বানত বিধস্ত এটি অঞ্চল। কালদীয়া নদীৰ কালৰূপী বানে সৰ্বশ্ৰান্ত কৰিলে নৈপৰীয়া জনতাক। মহাকালৰূপী বানে চুৰমাৰ কৰিলে কাৱৈমাৰী-নিজশালদহ-ঘোৰামাৰা-বালাপাৰা সংযোগী মুখ্য পথ। ঘৰৰ চোতালেৰে বৈছে কালৰূপী কালদীয়াৰ বন্যা| অনাহাৰ আৰু অনিদ্ৰাত এতিয়া নৈপৰীয়া জনতা। পৰিস্থিতি ইমানেই ভয়াৱহ যে দুই তিনিদিন ধৰি বানাক্ৰান্ত জনতাই জ্বলাব পৰা নাই চৌকা।
খোৱাপানী আৰু চিকিৎসাৰ সংকটত অঞ্চলবাসী| অৱস্থাৰ বুজ লৈ বালাপাৰা আৰক্ষী চকীৰ সদা সতৰ্ক ভাৰপ্ৰাপ্ত বিষয়া ৰামায়ণ চৌধুৰীয়ে কণ কণ ল'ৰা-ছোৱালীৰ মাজত বিতৰণ কৰে খাদ্য। বালাপাৰা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ফৰহাদ খানে ৰজাঘৰলৈ উজাৰিলে ক্ষোভ আৰু ধন্যবাদ জনালে মানৱদৰদী আৰক্ষী বিষয়া ৰামায়ণ চৌধুৰীক।