তামুলপুৰঃ বাক্সা জিলাৰ গুৱাবাৰীত বৰনদীৰ (নামনিত পুঠিমাৰী নদী নামেৰে জনাজাত) গৰাখহনীয়া আজিও অব্যাহত আছে। বিগত দিনকেইটাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বৈ অহা পুঠিমাৰী নদীৰ প্ৰৱল বানে বৃহত্তৰ গুৱাবাৰী অঞ্চলৰ ব্যাপক ক্ষতি সাধন কৰাৰ উপৰিও পোন্ধৰটা পৰিয়ালৰ বাসগৃহ আৰু তামোল-নাৰিকলৰ বাগিচা সহ সা-সম্পত্তি, ধান খেতি সহ কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে। ফলত সৰ্বশ্ৰান্ত হৈ পৰিছে পৰিয়াল সমূহ। আজি ১ নং (এ) বৰনদী মহলৰ অংশীদাৰ খুকন বিশ্বাস, বুবুল বৰুৱা, সমীৰণ সৰকাৰ, লক্ষ্মী দাস(ভজন), প্ৰদীপ বড়ো আৰু যাদৱ সৰকাৰে বাক্সা জিলা গোর্খা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক তথা স্থানীয় যুৱ সমাজ কৰ্মী মাধৱ ছেত্ৰীক লগত লৈ গৈ বানাক্ৰান্ত পৰিয়াল সমূহ ক্ৰমে ভজ বাহাদুৰ প্ৰধান, ধন বাহাদুৰ প্ৰধান, অমৰ গুৰাং, পূৰ্ণ বাহাদুৰ গুৰং, পদম বাহাদুৰ লিম্বু, হৰ্ক বাহাদুৰ প্ৰধান, দিক বাহাদুৰ প্ৰধান, কৈলাশ লামা, পঞ্চ বাহাদুৰ লিম্বু, ৰাজু ৰয়, ৰন বাহাদুৰ প্ৰধান, জংগলি হাজং, ৰজে ৰাইৰ পৰিয়ালৰ লোক সকলক লগ ধৰে আৰু এই বানাক্ৰান্ত পৰিয়াল সমূহৰ মাজত চাউল-দাইল বিতৰণ কৰে।
ইয়াৰ ওপৰি কালিও বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন বাক্সা জিলাৰ সম্পাদক পৰিমল শীল আৰু যুৱ সমাজ কৰ্মী খগেন দাসে বানাক্ৰান্ত লোক সকলৰ মাজত খাদ্য যোগান ধৰে। আজি নদীৰ পানী কিছু কমিছে যদিও গুৱাবাৰী, হস্তিনাপুৰ, বগৰীখুটি, অৰঙাজুলি আদি অঞ্চলত গৰাখহনীয়া অব্যাহত আছে আৰু কৃষি ভূমি নদীৰ বুকুত জাহ গৈ থকাৰ উপৰিও বহু পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে নদীটোৰ খহনীয়াই। ইপিনে আজি তামুলপুৰ মহকুমা প্ৰশাসনৰ ফালৰ পৰাও গুৱাবাৰীৰ বানাক্ৰান্ত পাঁচটা পৰিয়ালৰ মাজত চাউল, দাইল, নিমখ আদি বিতৰণ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ছাত্ৰ নেতা মাধৱ ছেত্ৰী আৰু পৰিমাল শীলে। ছাত্র নেতা দুগৰাকীয়ে ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক পুনৰসংস্থান দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা লবলৈও চৰকাৰক অনুৰোধ জনাইছে।