তামুলপুৰত বিশ্ব যক্ষ্মা দিৱস পালন

 03/25/2019 - 12:59

তামুলপুৰঃ সমগ্ৰ বিশ্বতে মাৰ্চ মাহৰ ২৪ তাৰিখে পালন কৰা হয় বিশ্ব যক্ষ্মা দিৱস৷ সেই মৰ্মেই আন আন ঠাইৰ দৰে তামুলপুৰতো বাক্সা জিলা যক্ষ্মা নিৰাময় বিভাগৰ উদ্যোগত বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয় আৰু ইয়াত সহযোগিতা আগবঢ়ায় পাটকীজুলী খ্ৰীষ্ট্ৰান হাস্পতালে।

বিশ্ব যক্ষ্মা দিৱসৰ কাৰ্যসুচী পাটকিজুলী হাস্পতালৰপৰা দেওবাৰে ৰাতিপুৰা ১১ বজাত শুভাৰম্ভণি হয়। পাটকিজুলী খ্ৰীষ্টান হাস্পতালৰ অধীক্ষক ডা: ৰহিবিয়াম ইছ'ৱাৰীৰ সভাপতিত্বত অনুস্থিত সজাগতা সভাত স্থানীয় বিভিন্ন বিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰী আৰু আন বহু লোাকে অংশগ্ৰহণ কৰে।

পোনপ্ৰথম শোভাযাত্ৰা হোৱাৰ পিছত ৰাজহুৱা সভাগৃহত এক সজাগতা সভা অনুস্থিত হয়।এই সভাত বাক্সা জিলা বিভিন্ন গণ্য-মান্য ব্যক্তিৰ লগতে যক্ষ্মাৰোগ নিৰাময় বিষয়া ডা: মধুৰাম বড়ো,তামুলপুৰৰ বিধায়ক ইমানুৱেল ম’ছাহাৰীও উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।