07/18/2019 - 13:07
in
ডিজিটেল ডেস্কঃ ৰাজ্যত প্ৰলয়ংকৰী বানৰ বিভীষিকাত নিহতৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি পাইছে। গোলকগঞ্জৰ আগমনীৰ সিন্দুৰাইত মৃত্যু এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ নাম বাসন্তী বৰ্মন। পানীত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে ৰাইজে। ইফালে নলবাৰীতো বানত মৃত্যু এজন যুৱকৰ। মৃত যুৱকজন দেউৰীয়া পাৰাৰ জিতুমণি হালৈ।
মৰা পাগলদিয়াৰ পাৰত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। বুধবাৰৰপৰা সন্ধানহীন হৈ আছিল জিতুমণি। মৰিগাঁৱতো বানত এজন লোকৰ মৃত্যু। মৃত লোকজনৰ নাম পৰাগজ্যোতি নাথ। মৰিগাঁৱৰ চাটনগুৰিত ঘৰ মৃত পৰাগৰ। পিতৃক পানীৰ পৰা বচাবলৈ গৈ মৃত্যু পুত্ৰৰ। মৰিগাঁৱত বানত মৃত্যুৰ সংখ্যা ৭জনলৈ বৃদ্ধি।