ডিমাকুছি: ৰাজ্যৰ চাৰিওফালে এতিয়া বানৰ তাণ্ডৱ৷ চাৰিওপিনে অবৰ্ণনীয় পৰিস্থিতি৷ ওদালগুৰিৰ ডিমাকুছিতো বানৰ তাণ্ডৱ অব্যাহত৷ নেৰানেপেৰা বৰষুণৰ ফলত ভাৰত-ভূটান সীমান্তৰ নৈসমূহত বৃদ্ধি পাইছে জলস্তৰ৷ ভূটানৰ পৰা বৈ অহা শুক্লাই নদী বিপদ সীমাৰে বোৱাৰ ফলত আতংকৰ সৃষ্টি কৰিছে ডিমাকুছিৰ আটাৰীখাট জংঘল বস্তী গাঁৱলৈ৷ নৈখনে পশ্চিম দিশে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰাত আটাৰীখাত জংঘল বস্তীৰ গাঁৱলৈ বিপদ মাতিছে৷ ইতিমধ্যে নৈখনে গাঁৱখনত থকা মিলন প্ৰাথমিক বিদ্যালয়ৰ শৌচালয়ৰ টেকিং নৈৰ বুকুত যিকোনো মূহুৰ্ততে জাহ যাব৷ মাত্ৰ দহ ফুট অতিক্ৰম কৰিলেই নৈৰ বুকুত জাহ যাব বিদ্যালয়খন৷
একেদৰে যিকোনো মূহুৰ্ততে নৈৰ বুকুত জাহ যাব জংঘল বস্তী গাঁও৷ গাঁওবাসীৰ মাজত এতিয়া তীব্ৰ আতংক৷ বিটিচিৰ উপাধ্যক্ষ নেৰছন বড়োই গাঁওবাসীক কিছু সকাহ দিয়াৰ উদ্দেশ্যে নেৰছন বড়োই গাঁওবাসীৰ লগত মিলি নৈখন ভেটা দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে৷ বাঁহেৰে নৈখন ভেটাৰ চেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই৷ সেয়ে গাঁওবাসীয়ে অসম চৰকাৰক সমস্যা সমাধান কৰাৰ বাবে আহ্বান জনাইছে৷ বিটিচি চৰকাৰ তথা অসম চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰিলে যিকোনো মূহুৰ্ততে নৈৰ বুকুত জাহ যাব গাঁওখন৷