ফেচবুকতো টিকটকৰ দৰে বনাব পাৰিব ভিডিঅ’!

 07/18/2019 - 13:32

ডিজিটেল ডেস্কঃ টিকটকৰ জনপ্ৰিয়তা বৰ্তমান কিমানলৈকে শিপাইছে তাক নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই। টিকটকৰ বৰ্ধমান জনপ্ৰিয়তালৈ চাই শংকিত হৈছে নেকি বাৰু জনপ্ৰিয় ছ’চিয়েল মিডিয়া ফেচবুক! কাৰণ অতি সোনকালে টিকটকৰ দৰে ফেচবুকেও আৰম্ভ কৰিব ফিচাৰ্চ। ইয়াৰ প্ৰাৰম্ভিক কাম-কাজৰ বাবে ফেচবুকে গঠন কৰিছে এটা টীম। জেছন টফৰ নেতৃত্বত গঠন হোৱা এই টীমটোৱে পৰীক্ষামূলকভাৱে এই কাম আগবঢ়াব।

গুগলৰ পৰা ফেচবুকত যোগদান কৰা জেছন টফে এই খবৰ টুইটাৰৰ জৰিয়তে ৰাজহুৱা কৰিছে। তেওঁ জনোৱা মতে আগন্তুক দুসপ্তাহৰ ভিতৰত এই টীমটোৱে ফেচবুকত ভিডিঅ’ নিৰ্মাণ কৰা কাম পৰীক্ষামূলকভাৱে আৰম্ভ কৰিব। ফেচবুকত টিকটকৰ দৰে ভিডিঅ’ নিৰ্মাণ কৰিব পৰা ব্যৱস্থা কিমানদূৰ সফল হ’ব সেয়া সময়ত হে লক্ষ্যণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।