মৰাণবাসীৰ মহানুভৱতা: কৰিস্মাক দিলে পোহৰৰ সন্ধান

 07/18/2019 - 14:38

মৰাণ: কৰিস্মাক আজিৰে পৰা অৰ্ধ উলংগ অৱস্থাত নেদেখে আপুনি? কৰিস্মা এতিয়া অসম মেডিকেল কলেজত চিকিৎসাধীন। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" এই মহান গীতটিৰ প্ৰতিফলন আজি দেখিবলৈ পোৱা গ'ল তৈল নগৰী মৰাণত। চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সীমান্তৱৰ্তী অঞ্চল মৰাণত দেখিবলৈ পোৱা গ'ল এই মানৱীয় দৃশ্য। কিন্তু কোন এই কৰিস্মা? তেওঁৰ পৰিচয়েই বা কি? সবিশেষ কোনেও নাজানে তেওঁৰ বিষয়ে। কৰিস্মা নামটোও স্থানীয় লোকে দি লোৱা নামহে।

বিগত প্ৰায় পাঁচ বছৰ ধৰি মৰাণৰ মাজ মজিয়াত অলিয়ে-গলিয়ে বসবাস কৰি অহা এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা হ'ল কৰিস্মা। অৰ্ধ উলংগ হৈ ঘূৰি ফুৰা কৰিস্মাক মৰাণৰ স্থানীয় সাংবাদিক, মৰাণ আঞ্চলিক মহিলা সমিতিৰ সহযোগত আৰু মৰাণ থানাৰ সহায়ত বহু কষ্টেৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিজৰ মাতৃ তুল্য জ্ঞান কৰি স্থানীয় এজন ব্যক্তি ছলমানে ধূলি বালিৰে আবৃত্ত জঁটা বন্ধা চুলি কাটি কৰিস্মাক গা ধুৱাই নতুন কাপোৰ পিন্ধাই দিয়ে।

তাৰপিছত মৰাণহাট ৰাজ্যিক চিকিৎসালয়ত কৰিস্মাক পৰীক্ষা কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। মৰাণবাসীৰ এই মানৱীয়তাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।