'ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ণ ২০১৯’ত জেৰিফা ৱাহিদলৈ 'শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন’

 07/18/2019 - 14:45

ডিজিটেল ডেস্কঃ অসমীয়া চলচ্চিত্ৰ জগতৰ লগতে অসমীয়াৰ বাবে এক সুখবৰ। চলিত বৰ্ষৰ ৯ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া বিশ্বৰ এক অন্যতম বৃহৎ চলচ্চিত্ৰ মহোৎসৱ 'ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ণ ২০১৯’ৰ বাবে অসমৰ জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে 'শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন’ লাভ কৰিছে।

এই দৌৰত জেৰিফা ৱাহিদৰ লগত আছে বলীউড তাৰকা টাবু, আলিয়া ভাট, নীনা গুপ্তা, বেংগল তাৰকা ঋতুপৰ্ণা সেনগুপ্তা আৰু লাডাখৰ অভিনেত্ৰী জিগমেট ডেৱা লাম’। ৮ আগষ্টত গম পোৱা যাব কোনগৰাকী অভিনেত্ৰীয়ে লাভ কৰিব শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ। উল্লেখ্য যে জাহ্নু বৰুৱা পৰিচালিত 'ভগা খিৰিকী’ত কৰা অভিনয়ৰ বাবে জেৰিফা ৱাহিদে লাভ কৰিছে এই মনোনয়ন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।