চাকৰিৰ সংবাদ

 07/18/2019 - 15:37

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান বিভাগত ২০ টা পদ খালি

অসম ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ( এন এছ এমত) ২০ টা খালি থকা পদসমূহৰ পুৰণৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ভিন্ন ভিন্ন। আবেদন কৰিবলৈ বিচৰা প্ৰাৰ্থীসকলে বিভাগীয় ৱেবচাইট nhm.assam.gov.in ত লগ ইন কৰি শিক্ষাগত অৰ্হতা, বয়সৰ সীমা তথা বাছনি প্ৰক্ৰিয়াৰ তথ্য সমূহ চাব পাৰে।

ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ত কনিষ্ঠ সহায়কৰ ৪টা পদ খালি

ওদালগুৰি জিলা উপায়ুক্ত কাযালয়ত কনিষ্ঠ সহায়কৰ ৪টা খালি থকা পদৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। খালি থকা মুঠ ৪টা পদৰ ভিতৰত অ'বিচি/ এম অ'বিচিৰ শ্ৰেনীৰ প্ৰাৰ্থীৰ বাবে ১টা পদ সংৰক্ষিত আছে। আৰু ৩টা অসংৰক্ষিত। উক্ত পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰীধাৰী হোৱা উপৰিও কম্পউটাৰ এপ্লিকেচনৰ ছমহীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স ১৮-৪৩ বছৰৰ ভিতৰত হ'ব লাগিব। অৱশ্যে বয়সৰ ঊৰ্ধ্বসীমাত সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৰেহাই লাভ কৰিব। আগ্ৰহী প্ৰাৰ্থীসকলে নিজৰ সম্পূৰ্ণ তথ্যসহ ৩০ জুলাইৰ ভিতৰত আবেদন পত্ৰ DC office Udalguri-784509,BTAD Assam এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব।

প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত ৯৫১৩টা পদ খালি, আবেদনৰ অন্তিম দিন ৩১ জুলাই

অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত কেইবাটাও খালি পদ পুৰণৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। উপযুক্ত পদসমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা পদ অনুসৰি ভিন্ন ভিন্ন। আগ্ৰহী প্ৰাৰ্থীসকলে পদ সমূহৰ বাবে থাকিবলগীয়া শিক্ষা অৰ্হতা তথা বয়সৰ সীমা, বাছনি প্ৰক্ৰিয়া তথ্য বাবে বিভাগীয় ৱেবচাইট @www.dee.assam.gov.in ত গৈ চাব পাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।