যোগীঘোপাঃ ৰাজ্যৰ সৰ্বত্ৰে বান তাণ্ডৱ অব্যাহত থকাৰ সময়তে যোৱা নিশা যোগীঘোপা থানাৰ অন্তৰ্গত মালেগড়ত মানাহ নৈৰ বাঢ়নী পানীত উটি গ’ল এজন লোক। নিশা প্ৰায় ৯.০০ বজাত মালেগড়ৰ দয়াল দাস(৩৫) নামৰ ব্যক্তিজনে নিজ গৃহৰ পৰা মালেগড় বজাৰলৈ গড়কপ্তানী পথেৰে গৈ থকা অৱস্থাত মানাহ নৈৰ পানীৰ কোবাল সোঁতে উটুৱাই নিয়ে৷
ইফালে লোকজন বাঢ়নী পানীৰ কোবাল সোঁতত সন্ধানহীন হোৱাৰ পিছতে প্ৰথমে স্থানীয় লোকে উদ্ধাৰৰ বাবে চেষ্টা চলায় যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নোহোৱাত যোগীঘোপা আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে খবৰ লাভ কৰাৰ মাত্ৰকে নাৱেৰে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলায়।
পিছলৈ SDRF ৰ জোৱানে ঘটনাস্থলীত উপস্থিত হৈ নিশা ১ বজালৈ উদ্ধাৰ কাৰ্য চলাই যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহল। আজি ৰাতিপুৱা ৬ বজাৰ পৰা যোগীঘোপা আৰক্ষী আৰু NDRF ৰ জোৱানে অভিযান চলাই অৱশেষত মৃত অৱস্থাত উদ্ধাৰ কৰে দয়াল দাসক। এই ঘটনাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।