কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰত ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰীষ্মকালীন বন্ধৰ লগত সংগতি ৰাখি ৭ জুলাইৰ পৰা ১৮ জুলাইলৈ কাকপথাৰৰ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত এখনি ৰাজ্যিক পৰ্যায়ৰ চিত্ৰ কৰ্মশালা আৰু প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ গুৱাহাটী ক্ৰিয়েটিভ আইজৰ উদ্যোগত আৰু কাকপথাৰ প্ৰেছ ক্লাৱৰ সহযোগত আয়োজন কৰা এই কৰ্মশালাখনিৰ অন্তিম দিনৰ অনুষ্ঠানৰ কাৰ্যসূচীৰ লগতে এলানি প্ৰতিযোগিতা হৈ যায়৷ এই কৰ্মশালা আৰু প্ৰতিযোগিতাত বিভিন্ন ঠাইৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ উক্ত দিনৰ কাৰ্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰশিক্ষণপ্ৰাপ্ত বলিউদৰ লগতে কেইবাখনো সফল অসমীয়া চলচ্চিত্ৰৰ অভিনেতা সুনিত বড়াৰ লগতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰশিক্ষণ প্ৰাপ্ত অভিনেতা, পৰিচালক গুনমনি বৰুৱা আৰু আন্তৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত বিশিষ্ট চিত্ৰশিল্পী তপন মাহাতো৷
লগতে উপস্থিত থাকে তিনিচুকীয়া জিলাৰ কাকপথাৰকে ধৰি বিভিন্ন অঞ্চলৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি৷ সফল অভিনেতা সুনিত বড়া আৰু আৰু গুনমণি বৰুৱাই বিশেষকৈ কাকপথাৰ প্ৰেছ ক্লাৱৰ লগতে গুৱাহাটী ক্ৰিয়েটিভ আইজৰ এই কাৰ্যসূচীক প্ৰশংসা কৰাৰ লগতে ছাত্ৰছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মূল্যবান বক্তব্য আগবঢ়ায়৷ গুৱাহাটী ক্ৰিয়েটিভ আইজৰ সঞ্চালক দাদুল চলিহাই সংবাদ মাধ্যমৰ আগত কাকপথাৰ প্ৰেছ ক্লাৱৰ যথেষ্ট প্ৰশংসা কৰে আৰু তেওলোকৰ এই কাৰ্যসূচী সমগ্ৰ অসমতে অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ৷ আজিৰ এই কাৰ্যসূচীতেই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাকপথাৰ আৰু ডিৰাক কেন্দ্ৰৰ পৰা সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত দুগৰাকী ছাত্ৰছাত্ৰীৰ লগতে অন্য কেইবাগৰাকী ছাত্ৰছাত্ৰী আৰু সম্বৰ্দ্ধনা জনোৱা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অভিনেতা সুনিত বড়া, গুনমনি বৰুৱা আৰু চিত্ৰশিল্পী তপন মাহাত্বোকে ধৰি কেইবাগৰাকী ব্যক্তিক৷