বজালীৰ ভৱানীপুৰ সত্ৰত বৰগীত, সত্ৰীয়া নৃত্য, খোল-বাদনৰ কৰ্মশালা

 07/18/2019 - 17:57

বজালীঃ বজালীৰ ভৱানীপুৰ সত্ৰত অনুষ্ঠিত হ'ল বৰগীত, সত্ৰীয়া নৃত্য, ভোৰতাল, খোলবাদনৰ কৰ্মশালা।

বজালীৰ ভৱানীপুৰৰ অগ্ৰনী অনুষ্ঠান 'গোপাল আতা সাহিত্য সাংস্কৃতিক গোষ্ঠী’ৰ উদ্যোগত আৰু ভৱানীপুৰ সত্ৰ পৰিচালনা সমিতিৰ সহযোগত এই কৰ্মশালা অনুষ্ঠিত কৰা হয়।

কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে গুণীন্দ্ৰ নাথ ওজা আৰু বিপুল ওজা। যোৱা ১৫ জুলাই সোমবাৰৰ পৰা অহা ২১ জলাই দেওবাৰলৈ অনুষ্ঠিত হৈ থাকিব এই কৰ্মশালা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।