আজি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন

 03/25/2019 - 13:18

গুৱাহাটীঃ আগন্তুক লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। ১১ এপ্ৰিলত অসমত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহনৰ বাবে বহুকেইজন প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰিব।

১৪নং লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিব মনোনয়ন পত্ৰ। তেওঁৰ লগত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰ আৰু যোৰহাটৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈয়েও মনোনয়নপত্ৰ দাখিল কৰিব।

তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানু, তেজপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাস, কলিয়াবৰ সমষ্টিৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত, মঙ্গলদৈ সমষ্টিৰ ২ প্ৰাৰ্থী দিলীপ শইকীয়া আৰু ভুৱনেশ্বৰ কলিতা আৰু ডিব্ৰুগড় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে দাখিল কৰিব আজি মনোনয়ন পত্ৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।