07/18/2019 - 18:15
in
পূৱ-বৰপেটা: বানে সংহাৰী ৰূপ লৈছে সমগ্ৰ ৰাজ্যত৷ তাৰ মাজতে উভয়নদী হৈ পৰিছে মাছ৷ বানৰ সংহাৰী ৰূপে বিভিন্ন ঠাইৰ নৈ, বিল, পুখুৰী আদি ডুবাই নিয়াৰ বাবে চাৰিওপিনে দেখিবলৈ পোৱা গৈছে পানীৰ লগতে কেৱল মাছ৷ এক কিলোগ্ৰাম বা দুই কিলোগ্ৰাম ওজনৰ প্ৰতিটো মাছ বিক্ৰী হৈছে বৰপেটা জিলাৰ গনক পাৰা, বাটগাঁৱত ২০ৰপৰা ৫০ টকাত৷ সকলো লোক নামি পৰিছে মাছ ধৰাৰ অঘোষিত প্ৰতিযোগিতাত।
তাৰ মাজতে দেখা গৈছে বানৰ কবলত পৰি নিজৰ ঘৰখন এৰি জীয়াই থকাৰ যন্ত্ৰণা৷ ভোটৰ সময়ত কেৱল ওচৰ চাপে জনপ্ৰতিনিধি অথচ আজি তেওঁলোকৰ দূৰ্যোগৰ সময়ত কাষ চাপিবলৈ আহৰি নাই জনপ্ৰতিনিধৰ৷