07/18/2019 - 18:25
in
ডিজিটেল ডেস্কঃ ৰাজ্যত বানৰ বিভাষিকাৰ মাজতে জাপানীজ এনকেফেলাইটিছ ৰোগৰ আতংক। জাপানীজ একনেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ওদালগুৰিত আন এজন যুৱকৰ মৃত্যু।
মৃত যুৱকজনৰ নাম কৃষ্ণ বাহাদুৰ খডকা। যুৱকজন ওদালগুৰিৰ ৪ নং আমজুলি গাঁৱৰ। কেইদিন ধৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি অৱশেষত বুধবাৰে যুৱকজনে শেষ নিশ্বাস ত্যাগ কৰে।