07/18/2019 - 19:00
in
ৰঙিয়া: ৰঙিয়া মহকুমাৰ আঠগাঁৱত পুঠিমাৰী নৈৰ ভঙা মথাউৰি পৰিদৰ্শন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি দিনৰ ভাগত মন্ত্ৰীগৰাকীয়ে আঠগাঁৱত উপস্থিত হৈ প্ৰলংকাৰী বানত ভাঙি যোৱা মথাউৰি পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীয়ে পনী কমিলে মথাউৰিটো পুনৰ মেৰামতিৰ লগতে বাট পথসমূহ মেৰামতি কৰিব বুলি উল্লেখ কৰে।
আনহাতে ৰাইজে জলসম্পদ বিভাগৰ বিৰুদ্ধে এক ৰাজহুৱা অভিযোগ দিয়াত মন্ত্ৰীগৰাকীয়ে কামৰূপ উপায়ুক্তক অভিযোগ সম্পৰ্কত এক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে মন্ত্ৰীগৰাকীয়ে বানত আক্ৰান্ত হৈ শিৱিৰত থকা পৰিয়ালসমূহৰো বুজ লয়।