কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ বন্যাৰ্তৰ কাষত নগাঁও জিলাৰ কেইজনমান যুৱক

 07/18/2019 - 20:24

বেবেজীয়াঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ বন্যাৰ্তৰ কাষত নগাঁও জিলাৰ কেইজনমান যুৱক। বলীয়া বানত আপোন ঘৰখনি হেৰুৱাই কাজিৰঙা হাৰমতি অঞ্চলৰ লোকসকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গৰু-ছাগলীৰে সহাৱস্থান কৰিব লগা হৈছে। এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে এইসকল বন্যাৰ্তই।

বানপীড়িত লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যৰে বুধবাৰে সন্ধিয়া নগাঁও জিলাৰ বেবেজীয়া, হাতীচোং আৰু জাজৰিৰ চাৰিজন যুৱক গৈ উপস্থিত হয় কাজিৰঙাৰ হাৰমতি অঞ্চলত। যুৱক চাৰিজনে নিজৰ গাঁঠিৰ ধনেৰে ৰাজপথৰ দুয়োকাষে আশ্ৰয় লোৱা লোকসকলৰ মাজত বিতৰণ কৰে পানীৰ বটল,বিস্কুটকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী।নগাঁও জিলাৰ হাতীচোঙৰ ৰঞ্জন জ্যোতি মহন্ত, জাজৰিৰ মানস জ্যোতি মহন্ত, বেবেজীয়াৰ গুণজিত কুমাৰ দাস আৰু তুষাৰ শৰ্মাৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে বানাক্ৰান্ত লোকসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।