07/18/2019 - 20:37
in
ডিজিটেল ডেস্কঃ গোৱালপাৰাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। বাঢ়নী পানীয়ে প্ৰাণ ল’লে এটি ডেৰ বছৰীয়া কণমানিৰ। পিতৃক বিচাৰি ঘৰৰ পিছফালে গৈছিল কণমানি আতাউৰ ৰহমান।
সেই সময়তে বাঢ়নী পানীত পৰি পলকতে মৃত্যু হয় শিশুটিৰ। গোৱালপাৰাৰ ধূপধৰাৰ পদুপাৰাত সংঘটিত হোৱা এই কৰুণ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।