হাতত ধনু-কাঁড় লৈ শত্ৰুক ৰণহুংকাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

 03/25/2019 - 13:44

মৰিয়নীঃ এইবাৰ হাতত গদা নহয়, ধনু-কাঁড় লৈ ওলাল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ওৰফে ‘ধনু’। লোকসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে ৰণশিঙা বজোৱা সময়তে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সমষ্টিবাসীৰ আগত হাতত ধনু-কাঁড় লৈ শত্ৰুপক্ষক দিয়ে ৰণ হুংকাৰ।

উল্লেখ্য যে মৰিয়নী সমষ্টিৰ ১২ নং পূব লাহিং গাঁও পঞ্চায়তৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘গৰ্গমুনি অভিশাপ অভিমন্যুৰ বধ’ ভাওনাখনত বিধায়কগৰাকীয়ে দুৰ্যোধনৰ পুত্ৰ লক্ষণৰ চৰিত্ৰ ৰূপায়ন কৰে। বিধায়কে অভিনয় কৰা ভাওনা চাবলৈ যথেষ্ঠ সংখ্যক লোকৰ সমাগম হয় পূব লাহিং গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত আয়োজন কৰা ভাওনাস্থলীত।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব খোজা বিজেপিক নিৰ্বাচনত এনেদৰেই ধনু-কাঁড় হাতত লৈ বাধা দিব বুলি হুংকাৰ দিয়ে বিধায়কগৰাকীয়ে। আনহাতে কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বুঢ়াগোঁহাই নিৰ্বাচনত জিকিব বুলি এশ শতাংশ নিশ্চিত বুলি ভাওনাস্থলীতে দাবী কৰে বিধায়ক গৰাকীয়ে। আনহাতে বিজেপিৰ প্ৰলোভনৰ ৰাজনীতিক ৰাইজে বুজি উঠা বুলি দাবী কৰি এইবাৰ ভোটাৰে বিবেক ভোট প্ৰদান কৰিব বুলি কয় বিধায়কজনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।