07/18/2019 - 21:16
in
লংকাঃ হোজাই জিলাৰ সমাজকৰ্মী সুজিত সুম আৰু লংকা মহাবিদ্যালয়ৰ উপাধ্যক্ষ গুনেশ্বৰ শইকীয়াৰ নেতৃত্বত আজি হোজাই জিলাৰ বানপীড়িত দুৰ্দশাগ্ৰস্ত ৰাইজৰ মাজত সা-সামগ্ৰী বিতৰণ কৰা হয়। বিশেষকৈ জিলাখনৰ লংকা আৰু হোজাই ৰাজহ চক্ৰৰ অধীনস্থ কেন্দুগুৰি বৰ নামঘৰ, ৰাজ বৰী এম ই স্কুল, ৰাজ বাঢ়ি শিৱ মন্দিৰ আৰু পূব কান্ধুলিমাৰী আশ্ৰয় শিবিৰত ৰাইজৰ খা-খবৰ লোৱাৰ লগতে স্থানীয় ৰাইজক বিশুদ্ধ খোৱা পানীৰ বটল, বিস্কুট, বস্ত্ৰ আদি প্ৰয়োজনীয় সা-সামগ্ৰী বিতৰণ কৰা হয়। সামগ্ৰী বিতৰণৰ সময়ত লংকাৰ গোপীনাথ জুনিয়ৰ কলেজৰ অধ্যক্ষ শশী প্ৰভা শইকীয়া আৰু নবজ্যোতি পাঠক উপস্থিত থাকে।