পুনৰ চিঙিল কানাইখুণ্ডা নৈৰ মথাউৰি

 07/18/2019 - 21:37

নলবাৰীঃ পুনৰ চিঙিল কানাইখুণ্ডা নৈ (জান) ৰ মথাউৰি৷ মঙলবাৰে জোৱাদ্দিৰ ওচৰৰ কানাইতোলাৰে নৈখনৰ মথাউৰি চিঙি জলমগ্ন হৈছিল বহু গাঁও৷ বৃহস্পতিবাৰে পুনৰ পুৰ্ণী গাঁৱৰ ওচৰৰে চিঙিল নৈখনৰ মথাউৰি৷ অৱশ্যে এইবাৰ নৈখনৰ বাঢ়নী পানীয়ে নহয় জলমগ্ন অঞ্চলটোৰ বাঢ়নী পানীৰ সোঁতে চিঙিলে নৈখনৰ মথাউৰি৷ কোনো দুৰ্বৃত্তই মথাউৰিটো কাটি দিয়াৰো সন্দেহ একাংশৰ৷ যোৱা বছৰো উক্ত স্থানেৰে মথাউৰিটো চিঙি জলমগ্ন কৰিছিল অঞ্চলটো৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।