নামভৰ্তিক কেন্দ্ৰ কৰি ডুমডুমাত উত্তপ্ত পৰিস্থিতি

 07/19/2019 - 11:57

ডুমডুমা: ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তিক কেন্দ্ৰ কৰি ডুমডুমাত সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ। হাইস্কুল শিক্ষান্ত আৰু উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ বহু মাহ উকলি যোৱাৰ পাছতো নামভৰ্তিৰ পৰা বঞ্চিত হৈ আছে প্ৰায় ৭৩২ গৰাকী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী। ডুমডুমাত থকা একমাত্ৰ মহাবিদ্যালয়ত আসনৰ সংখ্যাৰ তুলনাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিনকে দিনে বৃদ্ধি পাই অহাত আজি কেইবাবছৰ ধৰি ডুমডুমাত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণকলৈ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। প্রত্যেক বছৰ মহাবিদ্যালয়খনত নামভৰ্তিকলৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈ অহাত আটছাকে ধৰি সকলো ছাত্ৰ সংগঠনে সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে নতুনকৈ এখন মহাবিদ্যালয় স্থাপনৰ দাবী তুলি আহিছে চৰকাৰৰ ওচৰত।

কিছুদিন পূৰ্বে ডুমডুমাৰ কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনাত বহি অঞ্চলটো নামভৰ্তিত বঞ্চিত ৭৩২গৰাকী ছাত্ৰ-ছাত্ৰীক ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগক নিৰ্দেশ দিয়াৰ পিছতো আজি পৰ্যন্ত বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণ হোৱা নাই। ইয়াৰ প্ৰতিবাদত আটছাৰ ডুমডুমা শাখায়ে বৃহস্পতিবাৰে ডুমডুমাৰ হাহঁচৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰাজ্যখনৰ শিক্ষামন্ত্ৰী সিদ্ধার্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ জনায়।

ডুমডুমাত প্রস্তাৱিত নতুন মহাবিদ্যালয় এখনৰ নিৰ্মাণৰ কাম শীঘ্রে আৰম্ভ নকৰিলে আৰু ৭৩২ গৰাকী বঞ্চিত ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ সুবিধা প্ৰদান নকৰিলে আটছাৰ ডুমডুমা শাখায়ে কঠোৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব আৰু ইয়াৰ বাবে একমাত্ৰ শিক্ষামন্ত্ৰীগৰাকীয়েই জগৰীয়া হ'ব বুলিও হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।