গৌৰীপুৰত শোকাবহ পথ দুৰ্ঘটনা: নিহত প্ৰাক্তন ছাত্র নেতা

 07/19/2019 - 13:14

গৌৰীপুৰ: গৌৰীপুৰত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা৷ প্ৰাণ গ'ল ছাত্র সন্থাৰ দুজন প্ৰাক্তন ছাত্র নেতাৰ। নিশা নিয়ন্ত্ৰণ হেৰুৱাই বাৰিষাৰ গভীৰ পানীত বলেৰ' ডুবি যোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। ফলত থিতাতে নিহত হয় দুজন আৰু আহত হয় এজন৷ ৰূপসী বাশবাৰীৰ পৰা গৌৰীপুৰ অভিমুখে আহি থকা সময়তে খূদিমাৰীত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো৷

নিহত লোকজন ক্ৰমে গৌৰীপুৰৰ মধুশৌলমাৰী গাঁৱৰ ৰতিন চন্দ্ৰ ৰায় (৪১) আৰু নাৰায়ণ ৰঞ্জন ৰায় (৪০)৷ আনহাতে আহত অৱস্থাত উদ্ধাৰ হয় বনোমালী ৰায় (৩৬) নামৰ যুৱকজন৷ উল্লেখযোগ্য যে নিহত নাৰায়ণ ৰঞ্জন ৰায় গৌৰীপুৰ আঞ্চলিক ছাত্র সন্থাৰ প্ৰাক্তন সম্পাদক আছিল আৰু নিহত চন্দ্ৰ ৰায় গৌৰীপুৰ আঞ্চলিক ছাত্র সন্থাৰ প্ৰাক্তন উপ সভাপতি আছিল। বাহন খনৰ নম্বৰ হৈছে AS19 M-5161।

সম্প্ৰতি মৃতদেহসহ আটাইকে উদ্ধাৰ কৰি ৰূপসী উপ আৰক্ষী চকীলৈ নিয়া হৈছে৷ নিহত দুজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি গৌৰীপুৰ ছাত্র সন্থাৰ মাজত শোকৰ ছাঁ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।