কংগ্ৰেছ-এ আই ডি ইউ এফ-ৰ মিত্ৰতাৰ স্পষ্ট ইংগিত

 03/25/2019 - 14:07

ধুবুৰীঃ এ আই ডি ইউ এফ-এ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাজ্যখনৰ মাত্ৰ তিনিটা লোকসভা সমষ্টিত। সমষ্টি কেইটা ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জ।

ধুবুৰী লোকসভা সমষ্টিত এ আই ডি ইউ এফ-ৰ সভাপতি বদৰুদ্দিন আজমল, বৰপেটাত ডাঃ হাফিজ ৰফিকুল ইছলাম আৰু কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাধেশ্যাম বিশ্বাসে। বিজেপিক প্ৰতিহত কৰিবৰ বাবেই এ আই ডি ইউ এফ-ৰ এই সিদ্ধান্ত বুলি সংবাদমেল যোগে সদৰী কৰিছে দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে।

আওপকীয়াকৈ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ ইংগিত দি এ আই ডি ইউ এফ-ৰ মন্তব্য, '' আমি কংগ্ৰেছক সুবিধা দিছো, এতিয়া কংগ্ৰেছে সিদ্ধান্ত লওক তেওঁলোকে নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে নে এ আই ডি ইউ এফ-ৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব।’’

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।