শচীন তেণ্ডুলকাৰক আই চি চিয়ে প্ৰদান কৰিলে "হল অব ফেম" সন্মান

 07/19/2019 - 14:25

ডিজিটেল ডেস্ক: ক্ৰিকেট সম্ৰাট মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক আই চি চিয়ে এক বিশেষ সন্মানেৰে সন্মানিত কৰিছে। লণ্ডনত অনুষ্ঠিত এক সমাৰোহত শচীন তেণ্ডুলকাৰক অন্তৰ্ভুক্ত কৰিছে "হল অব ফেম"ত। আই চি চিৰ মুখ্য কাৰ্যবাহী বিষয়া মনু সাহানীয়ে কয় যে আই চি চি ক্ৰিকেটৰ "হল অব ফেম"ত শচীনৰ নাম ঘোষণা কৰা হৈছে।

ইয়াৰ উপৰি দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বলাৰ এলেন ড'নাল্ড আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বলাৰ কেথৰিনকো এই সন্মানেৰে সন্মানিত কৰে আই চি চিয়ে। এই সন্মান লাভ কৰা শচীন তেণ্ডুলকাৰ হৈছে ষষ্ঠগৰাকী ভাৰতীয় খেলুৱৈ।

উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতহে খেলুৱৈসকলে এই সন্মান লাভ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।