দুলীয়াজানঃ ৰাজহুৱা খণ্ডৰ লাভজনক তেল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে অইল অধ্যুষিত এলেকাৰ স্থানীয় যুৱক-যুৱতীয়ে আজি পুৱাৰে পৰা উদ্যোগ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সম্পৰ্কৰক্ষী বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে ২০১৭ চনত অইল ইণ্ডিয়া লিমিটেডে কণিষ্ঠ সহকাৰী ৮০ টা পদৰ বাবে স্থানীয় যুৱক-যুৱতীৰ পৰা প্ৰ-পত্ৰ বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছিল।
সেই সূত্ৰে ডিব্ৰুগড়-তিনিচুকীয়া জিলাকে ধৰি অইল অধ্যুষিত এলেকাৰ প্ৰায় ৪০ হাজাৰ যুৱক-যুৱতীয়ে আবেদন জনাইছিল। কিন্তু চলিত মাহৰ পৰা প্ৰায় ৩৫ হাজাৰ যুৱক-যুৱতীৰ নাম কৰ্তন কৰি অইল কৰ্ত্তৃপক্ষই মাত্ৰ ৩৫০০ লোকক Call Letter প্ৰদান কৰা আৰম্ভ কৰে। অইলৰ এই মইমতালিৰ বিৰুদ্ধে জাঙুৰ খাই উঠা নিবনুৱা যুৱক-যুৱতীসকলে আজি পুৱাৰে পৰা কৰ্মচাৰী সম্পৰ্কৰক্ষী বিভাগৰ মূল প্ৰৱেশ দ্বাৰ বন্ধ কৰি দিয়াত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
পাছত প্ৰতিবাদস্থলীত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু দুলীয়াজান থানাৰ পৰিদৰ্শক ৰূপজ্যোতি দত্তৰ উপস্থিতিত অইল কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হৈ উক্ত পদটিৰ বাবে অহা ২৮ তাৰিখে অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষা সাময়িকভাৱে স্থগিত ৰাখি চলিত মাহৰে ১৯ তাৰিখে চাকৰী প্ৰত্যাশী যুৱক-যুৱতীৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখে।
কিন্তু বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত ডিব্ৰুগড় জিলাৰ উপায়ুক্তই চাকৰিসমূহ বাতিল কৰা বুলি দুলীয়াজান আক্ষৰিক ছাত্ৰ সন্থাক ফোন যোগে অৱগত কৰার কথা প্ৰকাশ পায়। তাকে লৈ স্থানীয় যুৱক-যুৱতীয়ে দুলীয়াজানৰ অইল ইণ্ডিয়া মূখ্য কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে।