মঙলদৈঃ প্ৰায় এসপ্তাহ ধৰি বানৰ কবলত পৰা মঙলদৈ চহৰৰ নিকটৱৰ্তী মিলনপুৰ, উপহুপাৰা, বামুনপাৰা, টেঙাবাৰী আদি অঞ্চলত দৰং আৰক্ষীৰ উদ্যোগত বানত আবদ্ধ হৈ থকা লোকসকলৰ মাজত খোৱা পানীৰ বটল, ৰুটি, চিৰা, গুৰ, মুড়ি আদি শুকান খাদ্য বস্তু প্রদান কৰে। উল্লেখযোগ্য যে যোৱা তিনিদিন ধৰি দৰং আৰক্ষী অধীক্ষক অমৃত ভূঞাই তেখেতৰ নিজা চৰকাৰী বাসগৃহত বানৰ কবলত পৰি শিবিৰ পাতি আশ্ৰয় লৈ থকা লোকসকলৰ মাজত খোৱা বস্তু প্ৰদান কৰি আহিছে।
আনহাতে বুধবাৰে দৰং জিলাৰ বঙালপোতা আৰু মেধি চাপৰিত চৰ-চাপৰি উন্নয়ন আত্মসহায়ক গোট, দৰং, মাতৃ কল্যাণ গুৱাহাটী আৰু দৰং আৰক্ষীৰ হৈ উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকা আৰু সহকাৰী উপ-পৰিদৰ্শক গকুল ডেকা সহিতে স্থানীয় এটি উদ্যমী যুৱকৰ দলৰ সহায়ত প্ৰায় ৩০০০ হেজাৰ লোকৰ মাজত খোৱা বস্তু, পানী আদি যোগান ধৰা হয়।
তদুপৰি বৃহস্পতিবাৰে দৰং আৰক্ষী অধীক্ষকৰ তৎপৰতাত উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকা, সীমান্ত শাখাৰ উপ-আৰক্ষী অধীক্ষক অনিতা হাজৰিকা, মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱা আৰু গাঁওৰক্ষী বাহনীৰ এটি দলৰ লগত এছডিআৰএফৰ নাওত উঠি পানীত আবদ্ধ হৈ থকা মানুহৰ মাজত বিভিন্ন খোৱা বস্তু আৰু পানীৰ যোগান ধৰে। দৰং আৰক্ষীৰ এনে প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে।