বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ডবকাৰ ৩০ খন বিছনাযুক্ত হাস্পতাল

 07/19/2019 - 15:06

হোজাইঃ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ যিমানেই উন্নতি হোৱা বুলি দম্ভালি নামাৰক কিয়, একাংশ হাস্পতালত কি চলে, তাৰ ফোপোলা স্বৰূপ উদঙালে আমাৰ সাংবাদিকে। হোজাই জিলাৰ ডবকাৰ ৩০ খন বিছনাযুক্ত এই হাস্পতালখনৰ প্ৰতিটো কাৰ্যালয়ত ওলমি আছে ডাঙৰ ডাঙৰ তলা। নাই কোনো চিকিৎসক, নাই কোনো নাৰ্ছ। ৰোগীয়ে চিকিৎসাৰ বাবে চিকিৎসক আৰু নাৰ্ছক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে।

ৰাইজৰ অভিযোগ চিকিৎসালয়ত চিকিৎসকৰ উপস্থিতি একেবাৰেই সেৰেঙা, কেতিয়াবা আহে যদিও এঘণ্টা মান থাকি গুচি যায়। চিকিৎসালয়খনৰ ভিতৰত এক কদৰ্যময় পৰিবেশ। প্ৰধান মন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানক অসাৰ প্ৰতিপন্ন কৰি চিকিৎসালয়ৰ কৰ্তৃপক্ষই বুঢ়া আঙুলি দেখুৱাই এক দুৰ্গন্ধময় অৱস্থাত চলাই আছে চিকিৎসালয়খন।

চিকিৎসালয়খনত নাই উপযুক্ত বিজুলী বাতিৰ ব্যৱস্থা, প্ৰায় অৰ্ধ শতাধিক ফেনৰ ভিতৰত এখনৰ বাহিৰে বাকী সকলো বিকল হৈ আছে। ফলত প্ৰচণ্ড গৰমৰ মাজত ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল নীতি প্ৰদৰ্শন কৰা বিজেপি চৰকাৰৰ স্বাস্থ্য বিভাগে বিষয়াসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সময়ত হে লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।