বটদ্ৰৱাৰ দৌল উৎসৱৰ সামৰণি

 03/25/2019 - 14:28

বটদ্ৰৱাঃ বিগত পাঁচোটা দিনৰ অন্তত আজি নিজম পৰিল দ্বিতীয় বৈকুন্ঠধাম বটদ্ৰৱাৰ দৌল উৎসৱ। ভক্তিৰসেৰে বিলীন হৈ থকা মহাপুৰুষজনাৰ জন্মস্থানত আজি পৰিসমাপ্তি ঘটিব আবিৰৰ ৰঙৰ। 

অগণন ভক্তৰে তীৰ্থভূমিলৈ ৰূপান্তৰিত হোৱা বৰদোৱা থান আজিৰে পৰা পৰিব নিজম। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে কৃষ্ণ ভক্তি ৰসত বিলীন হৈ সকলোৱে একগোট হৈ এক আধ্যাত্মিক মাত্ৰা দান কৰা বৰদোৱা আজিৰে পৰা হৈ পৰিব নিস্তব্ধ।

বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি দুপৰীয়া ভাগত বিগত পাঁচদিনত কীৰ্তনঘৰ, পদশিলা, পাতশিলা, দৌলমন্দিৰ আদিত তীৰ্থযাত্ৰীৰ সেৱাত নিহিত হৈ থকা বিভিন্ন স্থানৰ ভকত-বৈষ্ণৱসকলক থান পৰিচালনা সমিতিৰ তৰফৰ পৰা আনুষ্ঠানিক বিদায় সম্ভাষন জনোৱা হয়৷

পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামী, সাধাৰন সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, সহকাৰী সম্পাদক (ধৰ্মীয়) যোগেন শইকীয়াই কৃতজ্ঞতাৰ চিন স্বৰূপে প্ৰতিগৰাকী ভকতক ধৰ্মবস্ত্ৰ, মাননি, মিঠাইৰ টোপোলা আগবঢ়াই আন্তৰিকতাৰে বিদায় দিয়া কাৰ্য অতি দৃষ্টিনন্দন আছিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।