যোগীঘোপাত চম্পাৱতী নৈৰ গৰাখহনীয়াঃ অস্তিত্বৰ সংকটত খেলুৱাপাৰা-ঔডুবী

 07/19/2019 - 15:46

যোগীঘোপাঃ চম্পাৱতী নৈৰ গৰাখহনীয়াই সম্প্ৰতি কালৰূপ ধাৰণ কৰিছে বঙাইগাঁও জিলাৰ যোগীঘোপাত। নদীখনে অঞ্চলটোৰ বিশেষকৈ খেলুৱাপাৰা গাঁওখনত সংহাৰী ৰূপ ধাৰণ কৰিছে। চম্পাৱতী নদীয়ে বিগত কেইবাবছৰ ধৰি অব্যাহত ৰখা ভয়ংকৰ গৰাখহনীয়াত ইতিমধ্যে খেলুৱাপাৰা গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰী নিশ্চিহ্ন হৈছে। শ শ বিঘা কৃষি ভূমি নদীৰ বুকুত বিলীন হৈছে।

পূৰ্বৰ দৰে বৰ্তমানেও নদীখনে সংহাৰী ৰূপ অব্যাহত ৰখাত নিদ্ৰাহৰণ হৈছে নৈপৰীয়া শ শ পৰিয়ালৰ। খহনীয়াৰ আতংকত একাংশ নৈপৰীয়া লোকে সম্প্ৰতি নিৰাপদ ঠাইলৈ ঢাপলি মেলিছে। খহনীয়াৰ তাণ্ডৱ দিনক দিনে বৃদ্ধি পাই থকাত খেলুৱাপাৰাৰ লগতে ঐতিহাসিক ঔডুবী গাঁৱৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। খহনীয়া ৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অচিৰেই এই পুৰণি মন্দিৰটো নদীৰ বুকুত জাহ যাব যে সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

স্থানীয় বিধায়ক তথা অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত মালোয়েও খেলুৱাপাৰাবাসীৰ এনে দুৰ্দশা সন্দৰ্ভত খবৰ নোলোৱাত ৰাইজে বিধায়কগৰাকীৰ ওপৰতো তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে। চৰকাৰ তথা জনপ্ৰতিনিধিৰ চৰম অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই এদিন ঐতিহাসিক খেলুৱাপাৰা আৰু ঔডুবী গাঁও অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ব যে সেয়া নিশ্চিত বুলি স্থানীয় সচেতন লোকে মন্তব্য কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।